সুস্থিৰ হৈ উঠিছে ক’ভিড পৰিস্থিতি

pc the indian express

সুস্থিৰ হৈ উঠিছে ক’ভিড পৰিস্থিতি

ৰঙিলী বাৰ্ত্তাসেৱা- ভাল খবৰ।ৰাজ্যত পুনৰ সুস্থিৰ হৈ উঠিছে ক’ভিড পৰিস্থিতি।আগন্তুক এক সপ্তাহৰ ভিতৰতে ৰাজ্য ক’ভিড মুক্ত হোৱাৰ সম্ভাৱনা।জিএমচিএইছৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই এই কথা প্ৰকাশ কৰিছে।বিগত ২৪ ঘন্টাত ৰাজ্যত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৪৩১ গৰাকী আনহাতে পজিটিভিটীৰ হাৰ হৈছে ১.২৮ শতাংশ।জিএমচিএইছত বৰ্তমান মাত্ৰ ৩২গৰাকীহে ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে।উল্লেখ্য যে,১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ পৰা সকলো ক’ভিডৰ নিষেধাজ্ঞাৰ লগতে সান্ধ্য আইনো আঁতৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল।