সুখৰ চিলা – অলকা বুজৰ বৰুৱা

PC - Freepik

সুখৰ চিলা

অলকা বুজৰ বৰুৱা, টিহু, নলবাৰী

হেৰোৱা দিনৰ চকুপানী সামৰি
নোৱাৰা নে, আকৌ সুখৰ চিলা উৰুৱাবলৈ ?
দুখ বাৰু কাৰ নাই
যাৰ দুখ নাই সি জীৱন জীয়া নাই
দুখৰ পুখুৰীত জাকৈ মাৰি
সুখৰ দৰিকণা ধৰাৰ হেঁপাহেৰে
সমস্ত হালধীয়াক আঁতৰাই
সেউজীয়াৰে তিয়াই পেলোৱা নিজক ।
তুমিতো‌ হালধীয়া ভাল নোপোৱা
তোমাৰ প্ৰিয় ৰং কি যদিও সোধা নাই কোনোদিনে
ৰঙা ৰং তুমি ভাল নোপোৱা নহয় ।
সেউজীয়া তোমাৰ প্ৰিয় ৰং বোৰৰেই এটা
অথচ সুবিধা পালেই হালধীয়াত ডুবি থাকা ।
এটা কথা কি জানা
তোমাৰ হাঁহিটো মোৰ খুব প্ৰিয়
চকুপানী কিন্তু মুঠেই প্ৰিয় নহয়
তোমাৰ চুলিত মুখ গুজি ভালপাওঁ
কিন্তু চুলিৰ মাজত বিষন্নতাৰ সহবাস !
ওহো মুঠেই মানি ল’ব নোৱাৰো ।
কঁপা কঁপা ওঁঠজুৰি মোৰ প্ৰিয়
প্ৰিয় হ’ব নোৱাৰে
তোমাৰ ওঁঠৰ বিষাদৰ লেলাউতি ।
তোমাৰ চকুৰ আকুলতাত ডুবি ভালপাওঁ মই
ভালপাওঁ বাবেই
তোমাৰ চকুত হতাশাই বাহৰ পাতিলে
অস্থিৰতা বাঢ়ে ৰাতি বঢ়া দি ।
কোৱাতো উচিত হ’ব নে নাই নাজানো
ভালপোৱাৰ খাতিৰতেই ক’লো
চকুপানীৰে হাঁহিৰ ফুল ফুলাব নোৱাৰি
নোৱাৰি সুখৰ চিলা উৰুৱাব
সেয়ে
সামৰি সুতৰি সকলো বিষাদ বিষন্নতা
আহা চোন
ভালপোৱাৰ নৈয়েদি নাও বাই যাওঁ
সুখৰ নিচান উৰুৱাও ।
চকুপানীবোৰ আঁতৰাই থোৱা
দুখবোৰ খেদি পঠোৱা
আহা
জীৱনৰ নোপোৱাবোৰ বিচাৰি
হেৰাই যাওঁ আমি আমাৰ মাজত ।‌