সীমান্ত সুৰক্ষা বাহিনীৰ  ৫৭ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন

pc news track-news track live,news track

সীমান্ত সুৰক্ষা বাহিনীৰ  ৫৭ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-   সীমান্ত সুৰক্ষা বাহিনীয়ে  ৫৭ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন কৰিছে। এই উপলক্ষে বাহিনীতোৰ সঞ্চালক প্রধান পংকজ কুমাৰ সিঙে কালি কয় যে, সীমান্ত অঞ্চলত কঠোৰ পহৰাৰ ব্যৱস্থা তথা পর্যবেক্ষণৰ আহিলাসমূহ মোতায়েনৰ জৰিয়তে ভাৰত আৰু বাংলাদেশৰ মাজত অবৈধভাৱে পশুধন সৰবৰাহ কৰা ঘটনাৰ সংখ্যা হ্রাস হৈছে। তেওঁ লগতে কয় যে, অবৈধভাবে সীমা পাৰ কৰা লোকসকলৰ বাবে থকা আইনৰ বাহিৰেও কেন্দ্ৰই অস্ত্র-শস্ত্ৰ আইনৰ অধীনত সীমান্ত সুৰক্ষা বাহিনীক ৫০ কিলোমিটাৰলৈকে অনুসন্ধান চলোৱা, গ্ৰেপ্তাৰ কৰা, সন্দেহ কৰাৰ লগতে জব্দ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে সীমান্ত সুৰক্ষা বাহিনীৰ ৫৭ সংখ্যক প্রতিষ্ঠা দিবস উপলক্ষে বাহিনীটোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীনাইডুৱে এটা টুইট বার্তাযোগে কয় যে, এই বাহিনীটোৱে অতি উন্নতমানৰ পেচাদাৰিত্ব দেখুওৱাই দেশৰ বিশাল সীমান্তক সুৰক্ষা দি আহিছে। তেওঁ লগতে বাহিনীটোৰ অদমনীয় উৎসাহ আৰু দেশৰ প্ৰতি সমৰ্পণৰ মনোভাৱক লৈ দেশে গৌৰৱ কৰে বুলি মন্তব্য কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে এটা টুইট বার্তাযোগে কয় যে, সীমান্ত সুৰক্ষা বাহিনীক তেওঁলোকৰ সাহস আৰু পেচাদাৰিত্বৰ বাবে সকলোৱে শ্রদ্ধা কৰে। তেওঁ লগতে কয় যে, এই বাহিনীটোৱে ভাৰতক নিৰাপত্তা প্ৰদান কৰাত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে। সংকট আৰু দুৰ্যোগৰ সময়ত বাহিনীতো মানবীয় প্ৰচেষ্টাৰে আগশাৰীৰ পৰা সকলোকে সুৰক্ষা দিয়া বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে।