নাগালেণ্ডৰ ৫৯ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন 

pc Twitter

নাগালেণ্ডৰ ৫৯ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন 

ৰঙিলী বাৰ্ত্তাসেৱা-  নাগালেণ্ডে ৰাজ্যখনৰ ৫৯ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন কৰিছে। এই উপলক্ষে কোহিমাৰ অসামৰিক সচিবালয়ত ৰাজ্যিক পৰ্যায়ৰ এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই ৰাজ্যবাসীক উদ্দেশ্যি কয় যে, নাগালেণ্ডৰ উন্নয়ন তথা বিকাশৰ বাবে উত্তম সুবিধাসমূহ সুনিশ্চিত কৰিবলৈ তথা ৰাজ্যখনৰ সৰ্বোত প্ৰকাৰৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰ প্রতিশ্রুবদ্ধ। ভাৰতীয় সংবিধানত থকা বিশেষ ব্যৱস্থাৰে সৈতে ভাৰত যুক্তৰাষ্ট্ৰত নাগালেণ্ডে এটা অনন্য অবস্থান অধিকাৰ কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নাগালেণ্ডৰ ৰাজনৈতিক বিষয়সমূহৰ সমাধানৰ বাবে গুৰুত্বসহকাৰে অপেক্ষা কৰি থকা হৈছে। তেওঁ লগতে কয় যে নাগালেণ্ডৰ ৰাজনৈতিক পক্ষসমূহ আৰু ভাৰত চৰকাৰৰ মাজত হৈ থকা আলোচনাসমূহ এটা এনে পৰ্যায়ত উপনীত হৈছে যত শীঘ্ৰে সমাধানৰ পথ লাভ কৰিব পৰা যাব বুলি আশা কৰিব পৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নাগালেণ্ডৰ ৰাজনৈতিক বিষয়সমূহ শীঘ্রে সমাধান কৰিবলৈ ৰাজ্যখনৰ সকলো নির্বাচিত নেতাই সংযুক্ত নেতাই গণতান্ত্রিক নৃত্যগোষ্ঠীৰ ৰূপত এখন চৰকাৰ গঠন কৰিবলৈ একেলগে আগবাঢ়ি আহিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সকলোকে কোবিডৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিবলৈ আহ্বান জনাই কয় যে, এই প্রতিষেধকসমূহে ভবিষ্যতে হ’ব পৰা কোবিড-১৯ প্রাদুৰ্ভাৱৰ পৰা সকলোকে নিৰাপদে ৰখাৰ লগতে মূল্যবান জীৱন ৰক্ষা কৰিব। তদুপৰি অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত নিপুণ ভাৰত অভিযান মুকলি কৰে। উল্লেখযোগ্য যে এই অভিযানৰ উদ্দেশ্যে হৈছে তৃতীয় শ্রেণীৰ আগতে শিশুসকলক লিখা-পঢ়া তথা গণনা কৰিবলৈ সক্ষম কৰি তোলা। তেওঁ লগতে ৰাজ্যখনৰ ইতিহাস সম্পৰ্কীয় এখন প্রদর্শনীও মুকলি কৰে। ইপিনে নাগালেণ্ডৰ ৫৯ সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীৰামনাথ কোৱিন্দে এটা টুইট বার্তাযোগে কয় যে, নগাসকলৰ চহকী সংস্কৃতি তথা পৰম্পৰাই আমাৰ দেশৰ বৈচিত্ৰৰ মাজত একতাক সমৃদ্ধ কৰি তুলিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ২০১৭ চনত নগালেণ্ড ভ্ৰমণৰ সময়ত ৰাজ্যবাসীৰ পৰা লাভ কৰা উগ্ন আদৰণিক শ্ৰদ্ধাৰে সোঁৱৰে। আনহাতে, উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে এটা টুইট বার্তাযোগে কয় যে, অলপতে তেওঁ নাগালেণ্ড ভ্ৰমণ কৰিছিল আৰু ৰাজ্যখনৰ নিখুত সৌন্দৰ্য্য, সমৃদ্ধ সংস্কৃতি আৰু প্ৰকৃতিৰ সৈতে তেওঁলোকৰ গভীৰ সম্পর্কই তেওঁক মোহিত কৰিছে। ইপিনে, প্রধানমন্ত্রী নবেন্দ্ৰ মোদীয়েও এটা টুইট বার্তাযোগে ৰাজ্যখনৰ অধিবাসীসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। শ্রীমোদীয়ে কয় যে নগাসকলৰ সংস্কৃতিয়ে বীৰত আৰু মানবীয় গুণসমূহক সূচায়। তেওঁ লগতে কয় যে, নাগালেণ্ডৰ অধিবাসীসকলে ভাৰতৰ উন্নয়নত গুৰুত্বপূর্ণ বৰঙণি আগবঢ়াই আহিছে। ৰাষ্ট্ৰপতিৰ লগতে প্রধানমন্ত্রীয়েও ৰাজ্যখনৰ অধিবাসীকলৰ উজ্জ্বল ভবিষ্যত কামনা কৰে। তদুপৰি গৃহমন্ত্রী অমিত শাহ আৰু প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙেও নাগালেণ্ডৰ বাসিন্দাসকলক শুভেচ্ছা জ্ঞাপন কৰে।