সাহিত্য – সংস্কৃতি বিকাশ গোষ্ঠী কামৰূপৰ প্ৰতিষ্ঠা দিৱসত গ্ৰন্থ উন্মোচন

সাহিত্য – সংস্কৃতি বিকাশ গোষ্ঠী কামৰূপৰ প্ৰতিষ্ঠা দিৱসত গ্ৰন্থ উন্মোচন

শৈলেন কুমাৰ, মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা-   দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ মিৰ্জাত জন্ম হোৱা অসমৰ আগামী সাহিত্য- সংস্কৃতি বিকাশ গোষ্ঠী কামৰূপৰ প্ৰথম বৰ্ষপূৰ্তিৰ অনুষ্ঠান যোৱা ইংৰাজী ২৮ জানুৱাৰী মংগলবাৰে ঝাৰোবড়ী দুৰ্গাপূজা মণ্ডপস্থলীত দিনজোৰা কাৰ্য্যসুচীৰে উদযাপন কৰা হয় ৷ উক্ত অনুষ্ঠানটিৰ সভাপতিৰ গুৰুদায়িত্বৰ পদত আছে ডা° শৰত চন্দ্ৰ ৰাভা, প্ৰফুল্ল চন্দ্ৰ চৌধুৰী মুখ্য সম্পাদক,ৰণজিৎ চৌধুৰী কাৰ্যকৰী সভাপতি,পবিত্ৰ কুমাৰ দাস, দ্বিজেন তালুকদাৰ সম্পাদকদ্বয় ৷ এই উপলক্ষে সভাৰ দিনৰ কাৰ্যক্ৰমণিকা অনুসৰি ৰাতিপুৱা ৯-৩০ বজাত পতাকা উত্তোলন, ১০-০০ বজাত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ, ৰাতিপুৱা ১১-০০ বজাত সতীৰ্থ সন্মিলন,দুপৰীয়া ১-০০ বজাত আহাৰ বিৰতি, দুপৰীয়া ২- ০০ বজাত আহাৰ গ্ৰহণ,মুকলি সভাৰ লগতে বিভিন্ন লেখকলেখিকাৰ গ্ৰন্থ উন্মোচন অনুষ্ঠান ইত্যাদি সফল ৰূপে ৰূপায়িত কৰা হয় ৷মুকলি সভাৰ সভাপতিত্ব কৰে ডা° শৰৎ ৰাভাই লগতে উদ্বোধন কৰে ড° তপন চন্দ্ৰ কলিতাই, মুকলি সভাত চাৰিখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ সভাত সাহিত্য- সংস্কৃতি বিকাশ গোষ্ঠীৰ “বোধিদ্ৰুম ”প্ৰবন্ধ সংকলন উন্মোচন কৰে ৰূপেন্দ্ৰ কুমাৰ কলিতাই,মালব্য মালীৰ কাব্য সংকলন “অনুভৱৰ মালিতা” উন্মোচন কৰে ডা° শৰৎ ৰাভাই,ফুলমণি দাসৰ কাব্য সংকলন “শ্মশানযাত্ৰাৰ সময়ত কি এৰি যাম তোমালৈ” উন্মোচন কৰে সত্যৰঞ্জন বৰাই,কিশোৰ কুমাৰ কলিতাৰ কাব্য গ্ৰন্থ “ক’ত সামৰি থম হেঁপাহৰ ৰ’দ-কাচলি” উন্মোচন কৰে এডৱাৰ্ড ষ্টেডী এন চাংমাই ৷ বিশেষভাৱে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সমাজ উন্নয়নৰ বৌধিক সৃষ্টিশীল চিন্তাধাৰাৰ ক্ষেত্ৰত অৱদান থকা তৰালী নাথ শৰ্মা, দ্বিজেন তালুকদাৰ,পবিত্ৰ কুমাৰ দাস, ৰঞ্জিত চৌধুৰী, হিৰেণ কলিতাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ আনহাতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্ধিয়া বিশেষ আকৰ্ষণ ৰূপে ফুলমণি দাসৰ পৰিচালনা তথা অভিনয়ৰে এখন উন্নত কাৰিকৰী কৌশলীৰে সম্বৃদ্ধ ব্যয়বহুল অপেচাদাৰী নাট “শুকুনিৰ প্ৰতিশোধ” দুদিনীয়াকৈ মঞ্চস্থ কৰা হব ৷ উল্লিখিত সভাত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, গৱেষক চৰকাৰৰ বঁটা প্ৰাপক গজেন্দ্ৰ চন্দ্ৰ অধিকাৰী, সাহিত্যিক তৰুণ চন্দ্ৰ কলিতা, দক্ষিণ কামৰূপৰ মহাবিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট কবি এডৱাৰ্ড ষ্টেডী এন চাংমা, দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক ৰূপেন্দ্ৰ কুমাৰ কলিতা, ডা° শৰত ৰাভাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷