সাহিত্যিক অতুল তামুলীৰ মহাৰজত জয়ন্তীবৰ্ষ উদ্‌যাপন আৰু ‘সাহিত্যৰথী’ৰ সাহিত্য বৈঠকৰ সফল সামৰণি

সাহিত্যিক অতুল তামুলীৰ মহাৰজত জয়ন্তীবৰ্ষ উদ্‌যাপন আৰু ‘সাহিত্যৰথী’ৰ সাহিত্য বৈঠকৰ সফল সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-  সাহিত্যৰথী সাহিত্য সভাৰ সভাপতি অতুল তামুলীৰ মহাৰজত জয়ন্তীবৰ্ষ উপলক্ষে উদ‌যাপিত সামৰণি অনুষ্ঠানটি সাহিত্য বৈঠকৰ সৈতে জ্যোতিশিখা মহিলা সমন্বয় পৰিষদৰ সভাগৃহত সফলভাৱে অনুষ্ঠিত হৈ যায় । ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতেৰ আৰম্ভ কৰা সভাখনত, সভাপতিত্ব কৰে ড° পাৰুল গোস্বামীয়ে। সম্পাদক ডাঃ উপেন কাকতিৰ আমন্ত্ৰণ‌মৰ্মে মঞ্চত আসন গ্ৰহণ কৰে, যথাক্ৰমে শাখাৰ উপ সভাপতি ড° পাৰুল গোস্বামী, অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শ‌ইকীয়া, প্ৰবীন সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, অকাডেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি দাসো কলিতা আৰু উপ সভাপতি মহীধৰ ডেকা, কবি সাংবাদিক বিপুল শৰ্মা কবি দেবপ্ৰসাদ তালুদাৰ আৰু সম্বৰ্ধিত ব্যক্তি অতুল তামুলীয়ে । মহাৰজত জয়ন্তী উদ্‌যাপন সমিতিৰ কাৰ্যকৰী সভাপতি মফিজুদ্দিন আহমদে সমিতিৰ ফালৰপৰা আদৰণি ভাষণ আগবঢ়ায় । ইয়াৰ পিছতে বিশিষ্ট আৰু সন্মানীয় অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়৷সম্পাদক ডাঃ কাকতিয়ে সম্বৰ্ধনাৰ অন্তত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে । পৰিয়ালবৰ্গৰহৈ ড° লিপিকা বৰ্মনে অতিথিকলক স্বাগতম জনায় । শাখাৰ শিল্পীসকলে এটা সমবেত সংগীত পৰিৱেশন কৰে৷মুখ্য অতিথি ড° কুলধৰ শ‌ইকীয়াই শাখাটোৰ কামকাজ আৰু নেতৃত্বৰ প্ৰশংসা কৰাৰ লগতে শাখাৰ সভাপতি তামুলীৰ মহাৰজত জয়ন্তী বৰ্ষ উদ্‌যাপন এটি উল্লেখনীয় পদক্ষেপ বুলিও ক‌য় । তামুলীৰ নেতৃত্বত শাখাটোৱে ন ন পদক্ষেপ লৈ অসম সাহিত্য সভাক আগুৱাই যোৱাত সহায় কৰাৰ সপক্ষে অভিমত প্ৰকাশ কৰে৷এই সভাতে অতুল তামুলীৰ দুখন বিভিন্ন কাকত-আলোচনীত প্ৰকাশিত বাস্তৱ জীৱনৰ আধাৰত লিখা ২৮টা কাহিনীৰ সংকলন অতুল জীৱন (প্ৰথম খণ্ড) উন্মোচন কৰি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে কাহিনীকা তামুলীৰ আৰু “অতুল জীৱন”ৰ বিষয়ে অতি উচ্চ”অভিমত প্ৰকাশ কৰে ।পূৰ্বে প্ৰকাশিত ২৩ গল্পৰ আনখন সংকলন ‘অশ্ৰাৱ্য মিশ্ৰণ ‘ উন্মোচন কৰে সাহিত্য অকাডেমী বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰুৱাই এটা সুন্দৰ ভাষণ প্ৰদান কৰে ।নিৰ্দিষ্ট বক্তা বিপুল শৰ্মাই “সাম্প্ৰতিক সময়ৰ অসমীয়া কবিতা আৰু অতুল তামুলীৰ কবিতা সম্পৰ্কে” এক মনোজ্ঞ বিশ্লেষণ আগবঢ়ায়। মুখ্য অতিথিৰ ভাষণৰ পিছতে অতুল তামুলীক সাহিত্য‌ৰথী সাহিত্য সভাৰ ফালৰ পৰা অংগবস্ত্ৰ, পিতলৰ জাপি ,এখন অসমীয়া গামোচা আৰু মানপত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । সেউজীকবি সন্মিলন, পাঞ্জাবাৰী ‘গজেন দাস স্মৃতি ন্যাসৰ’ ফালৰ পৰাও বিশেষভাৱে সম্বৰ্ধনা জনোৱ হয় । কবি দেবপ্ৰসাদ তালুকদাৰ আৰু মৃদু গোস্বামীয়ে কবিতা আৰু গীতৰ যুগলবন্দীৰে ব্যতিক্ৰমীভাৱে সম্বৰ্ধনা জনায়। আন বহু ব্যক্তি অনুষ্ঠানৰ পৰাও সম্বৰ্ধনা জনোৱা হয়৷আনদুগৰাকী বিশিষ্ট অতিথি পদ্মশ্ৰী সূৰ্য্য হাজৰিকা, কামৰূপ মহানগৰ জিলাৰ সভাপতি দাসো কলিতা সুন্দৰ ভাষণ প্ৰদান কৰে ।অনুষ্ঠানত অতুল তামুলী ৰচিত এটি গীত সুৰাৰোপিত কৰি স্ব কন্ঠৰেপৰিৱেশন কৰে সংগীত সাধক মহেশ্বৰ বৰাই। দুটি কবিতা আবৃত্তি কৰে নবকুমাৰ বৰা আৰু ডা: উপেন কাকতিয়ে ৷কবি দেবপ্ৰসাদ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত কবিতাৰ অন্তৰঙ্গ অনুষ্ঠানত ৪০ গৰাকীৰো অধিকে অংশ গ্ৰহণ কৰে । অ‌ংশগ্ৰহণ কৰাসকলৰ অন্যতম হ’ল মৃদু গোস্বামী, গীতিমল্লিকা গগৈ, তনয়া ডেকা, বসুন্ধৰা, শেৱালি ব্ৰহ্ম, উপেন কাকতি, মিনতি বৰুৱা,নমিতা ৰাজ বংশী, ৰাজেন্দ্ৰ কুমাৰ বৰা ।অৰ্পিতা স্নেহা কলিতা, নব কুমাৰ কলিতা আদিয়ে।সম্বৰ্ধিত ব্যক্তি অতুল তামুলীয়ে চমুকৈ এষাৰ সদ্য প্ৰয়াত চিত্ৰশিল্পী ৰবীন বৰুৱাৰ আৰু ককাক ডিম্বেশ্বৰ তামুলীৰ নামত পুঠি দুখন উছৰ্গা কৰাৰ কথা ব্যক্ত কৰে বেটুপাত শিল্পী মমতা জ্ঞানদীপাৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰে৷সঞ্চালক আৰু সভাপতিৰ মন্তব্যৰ অন্তত মহেশ্বৰ বৰাৰ শলাগৰ শৰাই আৰু অসম সংগীতেৰে সভাৰ সমাপ্তি ঘোষণা কৰা হয় ।