সান্দোলিত হৃদয় – মৈত্ৰেয়ী পূজাৰী

Pc Wallpaper Flare

সান্দোলিত হৃদয়

মৈত্ৰেয়ী পূজাৰী
গোলাঘাট টাউন

দুখবোৰে গীত জোৰোতে
আঁকি লয় সুখৰ আভা!
ইও জানে
তাৰ সীমনাৰ ৰহঘৰাত থকা
নিপোটল স্বৰ্ণিল গাঁথা

কোনে জানে আজিৰ এতিয়া টো
কালিলৈ হ’ব পাৰে বিৱৰ্তনৰ ছাঁয়া!

দোলায়িত বেহেলাৰ বোৱতী সুৰে!
সুসজ্জিত কৰি ৰাখে
আহ্লাদিত হৃদয়ৰ অবিনাশী ৰেখা

আবেলিৰ ৰামধেনুৰ সপোন বেথাই
নোৱাই ধুৱাই তোলে
জীৱন বৰপেৰাৰ প্ৰাত্যাহিকতা
সেয়েহে আজিও
ঝংকৃত হৃদয়ত বয়!
চিৰবসন্তৰ মাদকতা!!

দুখবোৰে গীত জোৰোতে
আঁকি লয় সুখৰ আভা।