সাধুৰ নীতি শিক্ষা আৰু আমাৰ চৰিত্ৰ গঠন — স্বাগতা বৰুৱা গোস্বামী

pc-inc.magazine

সাধুৰ নীতি শিক্ষা আৰু আমাৰ চৰিত্ৰ গঠন

ভাৰ্গব আৰু জুলি দুয়ো নলে- গলে লগা বন্ধু।যদিও সমন্ধত তেওঁলোক খুড়াক- বৰদেউতাকৰ ল’ৰা-ছোৱালী | তথাপিও তেওঁলোকৰ বায়েক ভাইয়েকৰ সমন্ধতকৈ বন্ধুত্ব সমন্ধহে গাঢ়।এদিন সিহঁতে বাহিৰত ভাত ৰন্ধা খেলি আছিল।ভাত ৰান্ধিবলৈ ভাৰ্গবে ধুনীয়া নাৰ্জি ফুল এপাহ চিঙি আনিলে।তেনেতে জুলিয়ে বোলে তুমি কিয় ফুল চিঙিলা?ফুল চিঙিবলৈ মায়ে মোক বাধা দিছে।মায়ে কৈছে ফুল চিঙিবলৈ নাপায় আৰু কি জানা ফুলত হয়তো তেজীমলা বা থাকিব পাৰে।তেজীমলা??অ’ আকৌ তেজীমলা।তেজীমলা বাক তুমি চিনি নোপোৱা।মাহীমাকে যে অত্যাচাৰ কৰি মাৰি পেলাইছিল সেই তেজীমলা বা আকৌ।তেজীমলা বাৰ পিতাক বেপাৰৰ পৰা নাৱেৰে উভতি আহি থাকোতে পদুম ফুল পাহ চিঙিবলৈ লওঁতে তেজীমলা বায়ে কৈছে
“হাতো নেমেলিবা ফুল নিচিঙিবা
চেনেহৰ পিতাদেউ অ’ পাট কাপোৰৰ লগতে মাহী আইয়ে খুন্দিলে তেজীমলাহে মই”।
গতিকে আজিৰ পৰা ফুল নিচিঙিবা দেই,তেজীমলা বায়ে কষ্ট পাব।ভিতৰৰ পৰা তেওঁলোকৰ সকলো কথা বতৰা শুনি মাক ওলাই আহিল।তোমালোকে কি কৰি আছা?ভাৰ্গবে বোলে খুড়ী মা জুলিয়ে যে কি কৈ আছেনো?মই একো ধৰিব পৰা নাই।কোন তেজীমলা বা?ফুলত নো কোন তেজীমলা বা থাকে?মই দেখোন আজি লৈকে তেজীমলা বাক দেখাই নাই ফুলৰ মাজত।অহ সেইটো কথা।ফুল চিঙিবলৈ আচলতে একেবাৰেই নাপায়।ফুল ভগবানৰ অপূৰ্ব সৃষ্টি।ফুলেই পৃথিৱীৰ এনেকুৱা এটা বস্ত্ত,যি সৰ্বজন প্ৰিয়।ডেকাৰ পৰা বুঢ়ালৈকে ফুল বেয়া পোৱা মানুহ এই পৃথিৱীত নোলাব।ফুলে এখন ঘৰ শুৱনি কৰে।শুৱনি কৰি আছে সমগ্ৰ বিশ্ব।ফুলক লৈ কবিয়ে কবিতা লিখে,গল্পকাৰে গল্প লিখে।কনমানিটোকও ফুলেৰেই স্বাগতম জনায়।এই পৃথিৱীৰ পৰা মেলানি মাগিলেও ফুলেৰেই বিদায় জনা‌য়।আমি পূজা পাতলৰ পৰা আদি কৰি যিকোনো মাংগলিক অনুষ্ঠানতেই ফুল ব্যৱহাৰ কৰো।গতিকে ইমান সুন্দৰ বস্তু এটা আমি বিনাকাৰণত চিঙিব নাপায় নহয়।ফুল চিঙাটো বেয়া অভ্যাস।এতিয়া আহোঁ আমাৰ তেজীমলা বাৰ কথালৈ।তেজীমলা হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কালজয়ী সৃষ্টি।জুলিক দুপৰীয়া শোওঁতে সদায় সাধু এটা ক’ব লাগে নহয় সেইবাবে তাইক মই সেইদিনা তেজীমলা সাধুটো কৈ শুৱাইছিলো।তুমি বাৰু সাধু কিতাপ পঢ়ানে?নাই মানে…নপঢ়ো নহয় খুড়ী।কিয় নপঢ়া কিতাপবোৰ পঢ়িলেহে বাক্য কেনেকৈ গঠন কৰিব পাৰি শিকিব পাৰিবা।সাধুৰ পৰা সজ কথা,নীতি শিক্ষা এইবিলাক জানিব পাৰি।এই সাধুকথাৰ জনপ্ৰিয়তা আমাৰ সমাজত যথেষ্ট বেছি।তোমালোকৰ বয়সত আমি বহুতো সাধুকিতাপ পঢ়িছিলোঁ আৰু এই সাধুবোৰ পঢ়ি আমি বহুতো নজনা কথা জানিছিলোঁ।তাৰোপৰি বহুতো নজনা অসমীয়া শব্দ শিকিছিলোঁ।সাধু অসমৰ সকলো আদিবাসীৰ মাজত সমানে প্ৰচলিত।সাধুবিলাক অসমৰ থলুৱা, সংস্কৃত আৰু বিদেশী এই তিনি ভাগত ভাগ কৰিব পাৰি।এতিয়া তোমালোকৰ বিদ্যালয় ও বন্ধ আৰু তোমালোকৰ বেছি সংখ্যকেই ইংৰাজী মাধ্যমত পঢ়া | গতিকে তোমালোকে অসমীয়া কিতাপ আৰু বাতৰি কাকতখন পঢ়াৰ অভ্যাস গঠন কৰিবা।কাৰণ আমাৰ নিজৰ ভাষাটোৰ জ্ঞান থাকিবই লাগিব।আমাৰ শ্ৰদ্ধাৰ লক্ষ্মীনাথ বেজবৰুৱা, ভূপেন হাজৰিকা, চন্দ্ৰকুমাৰ আগৰৱালা,নলিনীবালা দেবী আদি অনেক মহীৰূহে আমাৰ সাহিত্যৰ ভৰাঁলটো যথেষ্ট চহকী কৰি থৈ গৈছে।গতিকে এই চহকী কৰি থোৱা ভৰাঁলটো আৰু চহকী কৰি বিশ্বদৰবাৰলৈ লৈ যোৱাৰ দায়িত্ব তোমালোকৰ।গতিকে তোমালোকৰ ভাষা জ্ঞান থকাটো নিন্তান্তই প্ৰয়োজনীয়।সদায় অসমীয়া অভিধান খন উলিয়াই অতিকমেও পাচঁটামান শব্দ শিকিবলৈ যত্ন কৰিবাদেই।তেতিয়াহে তোমালোকে নিতৌ নতুন নতুন শব্দৰ লগত পৰিচয় হ’ব পাৰিবা।
আমি অসমীয়া আমাৰ সকলো আছিল আৰু বৰ্তমানলৈকে সকলো আছে | কিন্তু ভৱিষ্যতলৈও যাতে আমাৰ ভাষাটোক এইদৰেই আমি চহকী কৰি ৰাখিব পাৰো তাৰবাবে আমি অভিভাৱকসকলে আমাৰ সন্তানক নিজৰ ভাষাটোৰ প্ৰতি আগ্ৰহী কৰি তুলিবই লাগিব,অন্যথা আমি অসমতে থাকি আমাৰ ভাষাটোক হেৰুৱাই পেলাব লাগিব।এইক্ষেত্ৰত চৰকাৰে ল’ব খোজা পদক্ষেপ প্ৰশংসনীয়।

স্বাগতা বৰুৱা গোস্বামী