সাধনা দেবীৰ সাধনা সফল হওঁক- ফখৰুদ্দিন আহমেদ

pc Facebook

সাধনা দেবীৰ সাধনা সফল হওঁক

ফখৰুদ্দিন আহমেদ

কিছুদিন পূৰ্বে ঘোষণা হোৱা অসমৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা ,২০২২ ত কলা শাখাত দুগৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম স্থান অধিকাৰ কৰিছে। উল্লেখনীয় দিশটো হৈছে দুয়োগৰাকীয়েই ছাত্ৰী । এগৰাকী কামৰূপ (গ্ৰাম্য) জিলা বাইহাটা চাৰিআলিস্থ ব্যক্তিখণ্ডৰ শিক্ষানুষ্ঠান ৰামানুজন একাডেমীৰ ।তেওঁৰ নাম সাধনা দেবী। আন গৰাকী হৈছে তিনিচুকীয়া জিলাত অবস্থিত চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান ৱ’মেনছ্ কলেজ ,তিনিচুকীয়াৰ ।তেওঁৰ নাম চেৰী গোহাই। অৱশ্যে স্বীকাৰ্য বিষয় এই যে দুয়োগৰাকীৰ ভিতৰত সাধনা দেবীৰ চৰ্চা সংবাদ মাধ্যম আৰু চ’চিয়েল মেডিয়াত বেছিকৈ হৈছে। ইয়াৰ কাৰণো আছে। দৃষ্টিগোচৰ হোৱা এটি বিশেষ কাৰণ হৈছে তেওঁ সংবাদ কৰ্মী সকলে গ্ৰহণ কৰা সাক্ষাৎকাৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে প্ৰশ্ন কৰোতে ইতিবাচক ভাবে প্ৰশংসা কৰি মন্তব্য আগবঢ়াইছিল। এই সাক্ষাৎকাৰ সংবাদ মাধ্যম আৰু চ’চিয়েল মেডিয়াত প্ৰচাৰ হোৱাৰ লগে লগে সহস্ৰাধিক লোকে সাধনা দেবীক ট্ৰ’ল কৰাত ব্যস্ত হৈ পৰিল ।উল্লেখনীয় যে সাম্প্ৰতিক মুহূৰ্তলৈ এই ট্ৰ’ল কাৰ্য চলি আছে নিশ্চয়। অনাহকত যিকোনো বিষয়ত চ’চিয়েল মেডিয়াত ব্যস্ত থকা এচামে যেন সময় কটাবলৈ এটি বিৰাট কৃতকাৰ্যকৰী উৎস পাই গ’ল।
ভুল নহয় কাৰ ? যি সকলে চ’চিয়েল মেডিয়াত মৰমৰ সাধনা দেবীক ট্ৰ’ল কৰিছে তেওঁলোকে নিজৰ নিজৰ শিক্ষাগত জীৱনৰ বিস্তৃত বিবৰণ দাঙি ধৰিবলৈ নিশ্চয় সৎ সাহস দেখুৱাব নোৱাৰিব।
সমগ্ৰ অসমৰ ভিতৰত কেৱল সাধনা দেবীয়ে চলিত ইং ২০২২ বৰ্ষত এই পৰীক্ষাটিত অসমীয়া বিষয়ত ১০০% নম্বৰ লাভ কৰিবলৈ সমৰ্থ হৈছে।এই খবৰ বিয়পি পৰাৰ লগে লগে নিজকে প্ৰচাৰ কৰাৰ মানসেৰে যি কেইগৰাকী পৰীক্ষাৰ বহী পৰীক্ষকে সাধনা দেবীৰ অসমীয়া বিষয়ৰ বহীখন পৰীক্ষা কৰাৰ সৌভাগ্য হৈছিল সেই সকলে বহীখন পৰীক্ষা কৰোতে হোৱা অভিজ্ঞতাৰ কথা সংবাদ মাধ্যমৰ সমুখত ব্যক্ত কৰি দিলে। এই বিষয়টি একান্ত গোপনীয় । ইয়াৰ প্ৰকাশ আৰু প্ৰচাৰ কৰা নিশ্চয় নীতি বিৰূদ্ধ কথা। এইটো অৱশ্যে নিত্যান্তই সত্য যে বহী পৰীক্ষা কৰা কাৰ্যটো অসমৰ কোন খন জিলাৰ কোন জ’নত হয় সেই সম্পৰ্কত সকলো পৰীক্ষাৰ্থীয়েই অজ্ঞ । কাৰণ এয়া কেৱল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ আভ্যন্তৰীণ বিষয়। পৰীক্ষাৰ্থী সকলে জনাৰ কোনো উপায় নাই। পিছে দুই দিন মানৰ পৰা পুনৰ চ’চিয়েল মেডিয়াত সৰব চৰ্চা হৈ আছে যে সাধনা দেনীৰ পৰীক্ষাৰ ফলাফলৰ পুনৰীক্ষণ কৰা হ’ব। অৱশ্যে এই সংবাদৰ কোনো নিৰ্ভৰযোগ্য সুত্ৰৰ উৎস উল্লেখ কৰাৰ পৰা সংবাদ দিওতা সকল বিৰত থকা দৃষ্টিগোচৰ হৈছে। লক্ষ্যণীয় দিশটো হৈছে এই পুনৰীক্ষণৰ সংবাদ পাই মন্তব্য কৰোতা সকল যেন সুখত বাগৰি পৰিছে। এই খিনিতে উল্লেখ কৰিব বিচাৰিছো যে যদিহে কাৰণবশত অসমৰ ভবিষ্যতৰ মানব সম্পদ ৰূপে প্ৰতিষ্ঠা কৰাৰ প্ৰথম খোজত সফলতাৰ জখলাত আৰোহন কৰিবলৈ সমৰ্থ হোৱা সাধনা দেবীৰ এই ফলাফল পুনৰীক্ষণো কৰা হয় তেনেহ’লে সাধনা দেবী অসমত আকৌ এবাৰ উজ্বলি উঠাৰ সৌভাগ্যহে লাভ কৰিব । কাৰণ সোন পুৰিলে কলা নপৰে বৰঞ্চ তাৰ উজ্বলতাৰ গুণহে বাঢ়ে।
সাধনা দেবীক ট্ৰ’ল কৰা মন্তব্যবোৰৰ কোনো এটাও এখন সভ্য সমাজত প্ৰকাশৰ উপযুক্ত বুলি বিবেচনা নকৰিয়েই তাৰ নমুনা উল্লেখ কৰাৰ পৰা বিৰত থকা হ’ল। কিন্তু আন গৰাকী প্ৰথম স্থান পাওতা চেৰী গোহাইকো ট্ৰ’ল কৰা হৈছে। হয়তো তাৰ মাত্ৰা কম । মৰমৰ চেৰী গোহাইৰ দোষ কি আছিল? “জীৱনৰ লক্ষ্য কি “বুলি সোধা সাংবাদিকৰ প্ৰশ্নত চেৰী গোহায়ে উত্তৰ দিছিল “প্ৰফেছৰ বনিবৰ মন আছে”। বছ , আৰম্ভ হৈ গ’ল ট্ৰ’ল।এয়া এটি সামান্য উদাহৰণহে। নিশ্চয় এয়া এচাম কেকোৰাৰ গুণ সম্পন্ন অসমীয়াৰ নিকৃষ্ট মানসিকতাৰ প্ৰদৰ্শন , য’ত সন্নিবিষ্ট হৈ আছে হিংসা আৰু ঈৰ্ষাৰ দাবানল।
কলা ,বিজ্ঞান আৰু বাণিজ্য শাখাত অসমৰ ভিতৰত স্থান লাভ কৰা আন কৃতীমান সকলৰ দৰে এই পৰীক্ষাৰ্থী দুগৰাকীও আমাৰ সম্পদ । অৱশ্যে উচ্চতৰ মাধ্যমিক বা আন পৰীক্ষাত উন্নত ফলাফল লাভ কৰিব নোৱাৰা বহু শিক্ষাৰ্থীয়েও পিছৰ জীৱনত সফলতাৰ শিখৰত আৰোহণ কৰাৰ নজিৰ অসমত নিশ্চয় আছে। যিটো সময়ত সাধনা , চেৰী বা আন সকলক সমগ্ৰ অসমবাসীয়ে তেওঁলোকৰ ভবিষ্যত জীৱনৰ সফলতাৰ বাবে উৎসাহিত , অনুপ্ৰাণিত আৰু পৰামৰ্শ প্ৰদান কৰিব লাগিছিল তেনে সময়ত কিন্তু বিশেষ ভাবে কৃতীমান সাধনা দেবী বহুতৰ দ্বাৰা বাৰুকৈয়ে ট্ৰ’লৰহে হ’ল।
এয়া সাধনা দেবীৰ দোষ নাছিল । দোষ আছিল অসমৰ সমাজ জীৱনত আউল লগাবলৈ য’তে ত’তে গঢ়ি উঠা সংবাদ গোষ্ঠী সমূহত নিযুক্ত হোৱা কিছুমান দায়িত্ব জ্ঞানহীন সাংবাদ কৰ্মী। বয়সৰ জোখাৰে মন আৰু মানসিকতাৰ স্তৰ বুজি নোপোৱা সংবাদ কৰ্মীৰ দ্বাৰাহে পাকে প্ৰকাৰে সাধনা দেবী ব্যাপক ট্ৰ’লৰ সমূখীন হ’ল। লগতে ১০০% নম্বৰ অসমীয়া বিষয়ত পোৱাৰ সম্পৰ্কত বহী পৰীক্ষক কেইগৰাকীয়ে কৰা গোপনীয়তা ভংগৰ বাবে তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰা উচিত ।কিন্তু তাকে গইণা লৈ তেওঁৰ পৰীক্ষাৰ ফলাফল পুনৰীক্ষণ চ’চিয়েল মেডিয়াত প্ৰচাৰ হোৱাৰ দৰে কাৰ্য একেবাৰে অনুচিত বুলি বিবেচিত বোধ কৰা হৈছে।
অসমৰ ভিতৰত উচ্চতৰ মাধ্যমিক কলা শাখাৰ চূড়ান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰাৰ ক্ষেত্ৰত সাধনা দেবীয়ে কৰা পৰিশ্ৰম ,ত্যাগ আৰু সাধনা সঁচাকৈয়ে উত্তৰ প্ৰজন্মৰ বাবে পৰম অনুকৰণীয় থাকিব । আমি আশাবাদী তেওঁৰ এই ফলাফলৰ সাধনাই তেওঁক অসম , ভাৰত তথা বিশ্বৰ এগৰাকী মানব সম্পদ হিচাপে গঢ়ি তুলিব । সাধনা দেবীয়ে নিশ্চয় ভবিষ্যত জীৱনত বিশ্বৰ এগৰাকী সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ’ব আৰু ট্ৰ’ল কৰোতা সকলৰ কু চিন্তা , কু মানসিকতা আৰু কু ৰুচিৰ প্ৰতি মনোযোগ নকৰি নিজক গঢ়াৰ কঠোৰ সংগ্ৰামত ব্ৰতি হৈ নিজৰ সাধনাত নিশ্চয়কৈ সফল হ’ব।