সাংবাদিক শ্বাহ আলমক মুখ্য মন্ত্ৰীয়ে কৰা ব্যৱহাৰ গ্ৰহণ যোগ্য নহয় : জাফা

সাংবাদিক শ্বাহ আলমক মুখ্য মন্ত্ৰীয়ে কৰা ব্যৱহাৰ গ্ৰহণ যোগ্য নহয় : জাফা

ৰঙিলী বাৰ্ত্তাসেৱা-  সাংবাদিকৰ কামেই হৈছে বিভিন্ন ঘটনা -পৰিঘটনাৰ সত্য তথ্য উদ্ঘাটন কৰা। সেই উদ্দেশ্যে সাংবাদিক শ্বাহ আলমে এটা প্ৰশ্ন কৰিছিল । শ্বাহ আলমে এখন পাহাৰ কটা লৈ প্ৰশ্ন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিস্ব শৰ্মাক। তাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিক শ্বাহ আলমক উদ্দেশ্যি যি মন্তব্য আগবঢ়ালে সেয়া হয়তো সকলোৱে শুনিছে বা দেখিছে । এগৰাকী সাংবাদিকক কৰা এনে ব্যৱহাৰ কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে । এক বিবৃতিত জাফাৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে কয় যে – প্ৰশ্ন কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড°’ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক শ্বাহ আলমক যি ব্যৱহাৰ কৰিলে তাৰ বাবে জাফা’ই দুখ প্ৰকাশ কৰিছে । অনাগত দিনত যাতে মুখ্যমন্ত্ৰী গৰাকীয়ে এনে ধৰনৰ মন্তব্য আগ নবঢ়ায় তাৰ বাবে আমি জাৰ্ণেলিষ্ট এছোচিয়েচন ফৰ আসাম চমুকৈ জাফা’ৰ তৰফৰ পৰা বিনম্ৰভাৱে আহ্বান জনায়৷