সর্বোচ্চ ন্যায়ালয়ে কৃষক আন্দোলনকাৰীক পথ বন্ধ কৰাৰ পৰা বিৰত থকাৰ আহ্বান জনায়

pc- scroll.in

সর্বোচ্চ ন্যায়ালয়ে কৃষক আন্দোলনকাৰীক পথ বন্ধ কৰাৰ পৰা বিৰত থকাৰ আহ্বান জনায়

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ সর্বোচ্চ ন্যায়ালয়ে দিল্লী সীমান্তত মাহৰ পাছত মাহ ধৰি অব্যাহত থকা কৃষকৰ প্ৰতিবাদক লৈ তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে যে কেন্দ্ৰীয় চৰকাৰৰ তিনিখন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলে প্ৰতিবাদ কৰাটো তেওঁলোকৰ অধিকাৰ যদিও প্ৰতিবাদৰ নামত তেওঁলোকে ধাৰাবাহিকভাৱে পথ বন্ধ কৰি ৰাখিব নোৱাৰে। আন যিকোনো প্ৰকাৰে তেওঁলোকে প্রতিবাদ সাব্যস্ত কৰিব পাৰে, কিন্তু ৰাজহুৱা পথ বন্ধ কৰিলে ৰাইজৰ প্ৰতি অন্যায় কৰা হয়। পথেৰে অহা-যোৱা কৰাটো সাধাৰণ জনসাধাৰণৰ প্ৰাথমিক অধিকাৰ, কৃষক আন্দোলনকাৰীয়ে এই অধিকাৰ ভংগ কৰিব নোৱাৰে বুলি বিচাৰপীঠে স্পষ্ট কৰি দিয়ে।এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ উচ্চতম ন্যায়ালয়ে কৃষক সংগঠনসমূহক তিনি সপ্তাহৰ সময়সীমা বান্ধি দিছে। কৃষকৰ আন্দোলনৰ বাবে পথ বন্ধ হৈ থকাত দৈনিক অহা-যোৱা কৰাত ভীষণ সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ তুলি নইদাৰ এগৰাকী ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল। এই আবেদনৰ শুনানি গ্ৰহণ কৰি সর্বোচ্চ ন্যায়ালয়ে কৃষক আন্দোলনকাৰীক পথ বন্ধ কৰাৰ পৰা বিৰত থকাৰ আহ্বান জনায়।