“সম্প্রীতিৰ দিন” উপলক্ষে ‘ৰাজপথৰ কবিতা’ উদযাপন চিৰন্তন সাহিত্যৰ দিনৰ

“সম্প্রীতিৰ দিন” উপলক্ষে ‘ৰাজপথৰ কবিতা’ উদযাপন চিৰন্তন সাহিত্যৰ দিনৰ

পাণবজাৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  বিগত বছৰবোৰৰ দৰে এইবেলিও ‘চিৰন্তন সাহিত্যৰ দিন’-এ ৬ ডিচেম্বৰ, ২০২৩ তাৰিখে দি আসাম কো-অপাৰেটিভ এপেক্স বেংক, পাণবজাৰৰ সন্মুখত “ৰাজপথৰ কবিতা “ৰে “সম্প্রীতিৰ দিন” উদযাপন কৰে। আবেলি ২ বজাৰ পৰা অনুষ্ঠিত হোৱা ৰাজপথৰ কবিতা’ অনুষ্ঠানখনি উন্মোচন কৰে বিশিষ্ট কবি বাজেন্দ্র বৰদলৈ দেৱে। তেখেতে সকলোকে সাম্প্রদায়িক সংহতি-সম্প্রীতিৰ হকে একগোট হ’বলৈ আহ্বান জনাই আৰু এটি স্বৰচিত কবিতা পাঠেৰে সকলোকে আপ্লুত কৰে। এই ৰাজপথৰ কবিতা অনুষ্ঠানত বিশিষ্ট কবি সমীৰ তাঁতী, ইছমাইল হোছেইন, পলি বণিক্য, সাবিত্রী শইকীয়া, অচিন্ত কৃষ্ণ শর্মা, ভদ্রা গগৈ পাঠক, জ্যোতিষ্মিতা শর্মা, ধনঞ্জয় শর্মা আৰু শংকৰ শইকীয়াকৈ আদি কৰি নিলীমা গোস্বামী শর্মা, সুমিত্রা হাজৰিকা, ডিম্বেশ্বৰ ৰয় আদি বহুকেইগৰাকী অগ্রজ আৰু অনুজ কবিয়ে প্রতিবাদী কবিতা পাঠ কৰি অনুষ্ঠানটিক সাফল্যমণ্ডিত কৰি তোলে। বিশেষকৈ সকলোৰে শ্রদ্ধাৰ সমীৰ তাঁতীৰ যুদ্ধভূমিব কবিতা’ আৰু অনুষ্ঠানৰ উন্মোচক ৰাজেন্দ্র বৰদলৈ দেৱৰ ‘যুদ্ধৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰোঁ আহা’ কবিতা দুটিয়ে উপস্থিত সকলোকে লগতে পথচাৰীসকলক যথেষ্ট আপ্লুত কৰে। বিশিষ্ট কবি, সমালোচক শংকৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানখনৰ শেষত চিৰন্তন সাহিত্যৰ দিনৰ সভাপতি প্রভাত দাসে শলাগৰ শৰাই আগবঢ়াই আগলৈও সকলোৰে সহযোগিতা কামনা কৰে।