সমাপ্তিৰ দিশে মেট্ৰিক পৰীক্ষা

pc The Janambhumi

সমাপ্তিৰ দিশে মেট্ৰিক পৰীক্ষা

ৰঙিলী বাৰ্ত্তাসেৱা-  নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰযোজ্য কৰাৰ পদক্ষেপ।সমাপ্তিৰ দিশে মেট্ৰিক পৰীক্ষা।২০২৩ চনত একত্ৰিত হ’ব অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। ২০২৩ত শেষবাৰৰ বাবে অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা।ৰাজ্যৰ কলেজসমূহত অহা বছৰৰ পৰা নাথাকিব উচ্চতৰ মাধ্যমিক শাখা।ইতিমধ্যে চৰকাৰে ৫৬খন চিবিএছইৰ অধীনৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় মুকলি কৰিছে।মুকলি কৰা হ’ব এনে ৭০খন মডেল স্কুল।চৰকাৰে জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেটন,ডন বস্ক’ আদিক একাদশ,দ্বাদশ শ্ৰেণী মুকলি কৰাৰ নিৰ্দেশ দিছে।শিক্ষা বিভাগৰ বিশেষ সুত্ৰই এই কথা জানিবলৈ দিছে।