সমাধি হেঁপাহৰ
কাজি শ্বাহাদত ইছলাম
জনিয়া , বৰপেটা
– ঐ শুন, কালি অলপ সোনকালে আহিবি । আমাৰ ল’ৰাটো আহি আছে ইউক্ৰেনৰ পৰা জানাই নহয় । চাবলৈ ঘৰত মানুহবোৰ আহিব । বেলেগ ঘৰত মানা কৰি দিবি । দিনটো থাকিব লাগিব ইয়াতে ।
– কিন্তু মেডাম …
– কোনো কিন্তু ছিন্তু নচলিব । নাহিলে এই মাহৰ দৰমহা নাপাৱ কৈ দিলোঁ ।
– নাই নাই , ঠিক আছে মেডাম ।
ৰোহিনীয়ে উৰ্ণাৰ আঁচলেৰ ভিজা চকুযুৰি মচি লোহাৰ গেইটখন খুলি মূল ৰাস্তাটোলৈ ওলাই আহিল । ছালপোৰা প্ৰখৰ ৰ’দত চকু মেলিব নোৱাৰা অৱস্থা । ৰাস্তাৰ দাঁতিত থকা আঁহত গছডালৰ ছাঁত গৈ কোনোমতে দেহাটোক জুৰি পেলাবলৈ চেষ্টা কৰিলে । অইন দিনাৰ দৰে আজি খোজকাঢ়ি ৰুমলৈ যাবলৈ সাহ কৰিব পৰা নাই তাই সেইবাবে ইফালে-সিফালে চকু ফুৰাই ই-ৰিক্সা এখন বিচাৰিব ধৰিলে তাই । ক্ষন্তেকৰ মূৰত ই-ৰিক্সা এখন পাই তাত বহিল । ড্ৰাইভাৰজনে ক’ত যাব বুলি সোধাত নামিব লগা ঠাইখনৰ নাম ক’লে আৰু ই-ৰিক্সা গৈ থাকিল ।
– হেল্লো বাইদেউ ।
– অ ৰোহিনী , কচোন কি হ’ল !
– কাইলৈ আপোনাৰ ঘৰত আহিব নোৱাৰিলে কিবা অসুবিধা হ’ব নেকি ?
– এই তো … মই কৈছিলোঁ নহয় আগতেই যে কামক ফাঁকি দিয়াটো মই সহিব নোৱাৰো । আৰম্ভ কৰিলিয়েই নহয় ।
– আচলতে বাইদেউ কালি মই অলপমান মেডিকেললৈ যাম । আমাৰ বাবুটোৰ কেইদিনমানৰ পৰা জ্বৰ । প্লিজ কেৱল কালিৰ দিনটোৰ বাবে… ?
– হ’ব হ’ব যা । পৰৱৰ্তী সময়ত ছুটি নাপাবি । ইহঁতৰ মানে এইবোৰ বাহানা ৰেডিয়েই থাকে ।
শইকীয়ানীৰ কথাটো ৰাখিবলৈ বৰুৱানীক কল কৰি মিছা মাতিলে সঁচা কিন্তু ল’ৰাটোৰ জ্বৰৰ কথাটো মিছা নহয় । দহ বছৰীয়া অনুপৰ বাহিৰে তাইৰ আছেই বা কোন । এতিয়া অনুপেই কেৱল তাইৰ সুখ , দুখ ,সপোন , আশা , ভৰসা । তাই যিয়েই নকৰক লাগিলে পোনাটোক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি ভাল মানুহ হিচাপে গঢ়ি তুলিবই লাগিব । উপযুক্ত শিক্ষা নাপালে দেউতাকৰ দৰে অমানুহ হৈ হয়তো তেৱোঁ কাৰোবাৰ জীৱনত অমানিশা নমাই আনিব । গতিকে যিকোনো প্ৰকাৰে তেওঁক ভাল পৰিৱেশ এটাও দিব লাগিব । কিন্তু ভগা-ছিগা সৰু ভাড়াৰুমটোত থাকি দিন ৰাতি পাৰ কৰাটোৱে টান হৈ পৰিছে তাতে আকৌ ভাল পৰিৱেশ দিবলৈ আৰ্থিক দিশতো দুৰ্বল । ইফালে কেম্পাচটোত থকা সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ মুখৰ যি হে ভাষা । তাৰ মাজতেই কষ্টেৰে জীৱন-যাপন কৰি আছে কোনোমতে । তাইতো কেতিয়াবাই বিৰক্তিকৰ জীৱনৰ পৰা মুক্তি পোৱাৰ চেষ্টা কৰিছিল কিন্তু ডাক্তৰজনে তাইক তাইৰ অন্তঃসত্তাৰ বিষয়টো কোৱাতহে সিদ্ধান্ত তচনচ হৈ পৰিছিল তাইৰ । কাৰণ এটা পাষণ্ডৰ ওপৰত খং কৰি নিজক ধ্বংস কৰিব পাৰিলেও কমচেকম এটি নিষ্পাপ প্ৰাণক তেওঁ কোনোপধ্যেই ধ্বংস কৰিব নোৱাৰে ।
হয় তেওঁ এটা পাষণ্ডই হয় । তাতোকৈ নিকৃষ্ট যদি কোনো বিশেষণ থাকে তেন্তে সেয়াও তেওঁৰ ক্ষেত্ৰত খাটে । তেওঁ মানে নিবিৰ… নিবিৰ বৰুৱা । অসমৰ এসময়ৰ স্বনামধন্য কবি তথা সাহিত্যিক । যাৰ কবিতাই এসময়ত ৰাজত্ব কৰিছিল স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ সকলৰ হৃদয়লৈকে । তেওঁৰ কবিতাই সম্পৰ্ক গঢ়িছিল তেওঁৰ কবিতাই চৰকাৰ কঁপিছিল । তেওঁৰ সাহিত্যিৰাজিয়ে আঁকোৱালি লৈছিল নিৰ্যাতিত শ্ৰমিকৰ পৰা সফলতাৰ শিখৰ স্পৰ্শ কৰা মানুহবোৰকো । এক কথাত তেওঁৰ সৃষ্টিত আছিল বাৰেৰহণীয়া মাদকতা । যাৰ কাৰণে তেওঁ অতি সহজতে মানুহৰ হৃদয়ত প্ৰৱেশ কৰিব পাৰিছিল । তেওঁৰ ৰোমান্টিক কবিতাবোৰৰ প্ৰেমত পৰিয়েই এদিন তেওঁৰ জীৱনলৈ আহিছিল ৰোহিনীজনী ।
স্কুলীয়া জীৱনৰ পৰাই গল্প উপন্যাসৰ প্ৰতি দুৰ্বল হৈ পৰা ৰোহিনী মেধি কলেজ পোৱালৈকে সাহিত্যৰ পোকা হৈ পৰিলে । এম. এ. পাছ কৰি নিবনুৱা হিচাপত ঘৰতেই থাকে তাই । কেতিয়াবা এটা দুটা টিউচন লয় আৰু আজৰি সময়চোৱাত ঘৰৰ ওচৰৰ লাইব্ৰেৰীখনতেই কিতাপ পঢ়ে । তাই অলপ চলপ লিখে যদিও নিজৰ বাহিৰে কাকো গম পাবলৈ নিদিয়ে । লিখাতকৈ পঢ়াত হে মনোযোগ তাইৰ । এনেকুৱা বিখ্যাত অসমীয়া গ্ৰন্থ কমেই ওলাব যি তাই পঢ়া নাই । এসময়ত কেৱল পঢ়িয়েই আনন্দ লভিছিল যদিও এবছৰ আগতে ফেচবুক একাউণ্টটো খোলাৰে পৰা পঢ়ি উঠা কিতাপখনৰ বিষয়ে একলমকৈ লিখি ফেচবুকত নিদিয়ালৈকে যেন তাইৰ আনন্দ আধৰুৱা হৈ থাকে । এনেকি গ্ৰন্থ এখন পঢ়ি থকাৰ সময়তো তাৰ পৰা এপৃষ্ঠা দুপৃষ্ঠাকৈ টাইপিং কৰি তলত গ্ৰন্থখনৰ নাম দি প’ষ্ট কৰে তাই । ফেচবুকৰ বন্ধু-বান্ধৱী সকলৰ পৰাও ভালেখিনি সঁহাৰি পায় বাবে এয়া তাইৰ নিত্যনৈমিত্তিক কাৰ্যৰ ৰূপ পালে । এনেদৰে ফেচবুকত বিভিন্ন ঠাইৰ বিভিন্ন মানুহৰ লগত তাইৰ বন্ধুত্ব হ’ল। সেই বন্ধু-বান্ধৱীসকলো সাহিত্যৰ লগতেই জড়িত । এনেদৰে দিনবোৰ পাৰ হৈ গৈ থাকিল আৰু ফেচবুকৰ বিভিন্ন সাহিত্যৰ গোটৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত হৈ পৰিল তাই । এদিনাখন এটা গ্ৰুপৰ এখন বেনাৰত নিবিৰ বৰুৱাৰ নামটো দেখা পালে । সিদিনা সন্ধিয়া ৭ বজাত নিবিৰ বৰুৱা ফেচবুক লাইভত অহাৰ কথা । কমেন্টবক্সত পাঠকৰ কমেন্টেৰে ভৰপূৰ । কমেন্টবোৰ চাই তাই অনুমান কৰিব পাৰিলে যে তেওঁ বৰ্তমান সময়ৰ এজন প্ৰখ্যাত লেখক আৰু মানুহে তেওঁক প্ৰচুৰ ভাল পায় । তেওঁৰ বিষয়ে আৰু ভালকৈ জানিবলৈ তাইৰ মনত আগ্ৰহ জন্মিলে । তৎক্ষণাৎ তাই ফেচবুকৰ চাৰ্চ অপচনত গৈ হেচটেগ নিবিৰ বৰুৱা বুলি লিখি চাৰ্চ কৰিলে । তাৰ পাছত তাত পোৱা বিভিন্ন সাক্ষাৎকাৰ সমূহ পাই তেওঁৰ জীৱনৰ বিষয়ে জানিব পাৰিলে । ইতিমধ্যে তেওঁৰ এটা উপন্যাস “সমাধি হেঁপাহৰ” ধাৰাবাহিকভাৱে ফেচবুকত প্ৰকাশ পাই আছে । উপন্যাসখনত নতুনকৈ উঠি অহা এগৰাকী যুৱতীৰ সাহিত্যৰ প্ৰতি থকা ধাউতি আৰু তাৰ কৰুণ পৰিণতিৰ কাহিনী ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে যে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি । বহু চৰ্চিত উপন্যাসখনক পাঠকৰ চাহিদাত ছপা কৰি উলিওৱাৰ কথা চিন্তা কৰি থাকোঁতেই বিভিন্ন প্ৰকাশনৰ পৰা তেওঁৰ লগত যোগাযোগ কৰিলে । ফেচবুক খুঁচৰি উপন্যাসখনক আৰম্ভণিৰ পৰা শেষলৈকে পঢ়ি তাই নিবিৰৰ প্ৰেমত পৰি গ’ল । কাৰণ উপন্যাসখনৰ প্ৰথমৰ কাহিনী খিনি তাইৰ লগত সম্পূৰ্ণৰূপে মিলি গৈছে । আনে নাজানিলেও উপন্যাসৰ কাহিনীৰ দৰে তাইৰো এটা সপোন আছিল সাহিত্যৰ দিশটোত বহু দূৰ আগুৱাই যোৱা আৰু জীৱনত বিয়া পাতিলে সাহিত্যিক অথবা সাহিত্যৰ ক্ষেত্ৰত চাপোৰ্ট কৰা এজন মানুহকেই বাচনি কৰা । একে একে তাই নিবিৰ বৰুৱাৰ বহু কেইখন উপন্যাস পঢ়ি শেষ কৰিলে । প্ৰতিটো উপন্যাস পঢ়াৰ পাছত ফেচবুকত গ্ৰন্থ পৰ্যালোচনা লিখে চাই । এবাৰ বন্ধু এজনৰ পৰামৰ্শ অনুসৰি কেইবাটাও নিউজ পেপাৰত নিবিৰ বৰুৱাৰ এখন উপন্যাসৰ বিষয়ে লিখিলে । দুই এদিনৰ ব্যৱধানত কেইবাখনো কাকতত প্ৰকাশ পোৱাত অসমৰ ইমূৰ-সিমূৰৰ পৰা ফোন আহিব ধৰিলে । প্ৰতিজন পাঠকৰ তুমুল প্ৰশংসা পাই তাই যেনিবা কৃতকাৰ্যতাৰ জখলাডাল বিচাৰি পালে । তাইৰ মনত বহুত হেঁপাহ জাগিল প্ৰিয় সাহিত্যিক গৰাকীক লগ কৰিবলৈ । এনেতে এদিন সঁচাকৈয়ে ফোন এটা আহিল ফোনৰ সিটো পাৰত নিবিৰ বৰুৱা ।
– হেল্লো নমস্কাৰ ।
– হয় নমস্কাৰ । আপোনাৰ পৰিচয় ?
– মই কৈ আছোঁ , মানে নিবিৰ… নিবিৰ বৰুৱা ।
– হা……??
– আচ্ছা , পেপাৰত আপোনাৰ গ্ৰন্থ পৰ্যালোচনা এটা পালোঁ । ধুনীয়া হৈছে । লাগি থাকক । যোগাযোগ ৰাখিব মোৰ লগত ।
– আচ্ছা ঠিক আছে ছাৰ ।
তাই যেন নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাই । সেইজন নিবিৰ বৰুৱাই নে ? নেকি অন্য কোনোবা । তাই দোমোজাত পৰি বান্ধৱী এজনীক কথাবোৰ কোৱাত পৰামৰ্শ দিলে ট্ৰু কলাৰত পৰীক্ষা কৰিবলৈ । তাই ট্ৰু কলাৰত গৈ নিশ্চিত হ’ল এইগৰাকীয়ে অৰিজিনেল লেখক নিবিৰ বৰুৱা । তাই আনন্দত আত্মহাৰা হৈ কাক কওঁ কাক নকওঁত ব্যস্ত হৈ পৰিল ।
চেকেণ্ড , মিনিট , ঘন্টা , মাহ । কথা পাতি পাতি দুয়ো এজনে আনজনৰ প্ৰতি দুৰ্বল হৈ পৰিল । দুৰ্বলতাই প্ৰেমৰ ৰূপ ল’লে আৰু অৱশেষত প্ৰেমে বিবাহৰ । খুব ধুনীয়াকৈ সিহঁতৰ যুগ্মজীৱনৰ আৰম্ভণি ঘটিল লগতে অনাবিল সুখেৰে জীৱন অতিবাহিত কৰিবলৈ ধৰিলে । দুয়ো দুয়োৰে প্ৰতি অগাধ ভালপোৱা ।
এদিনৰ কথা । নিবিৰে মদ পান কৰি ঘৰলৈ আহিলে । আগে পিছেও পান কৰি যদিও সিদিনা অলপ বেছি । হ’ব পাৰে লগ বন্ধুৰ পাল্লাত পৰি এনে হ’ল । তাই আওকাণ কৰিলে আৰু প্ৰতিদিনৰ দৰেই বাথৰুমত লৈ গৈ গা-পা ধুৱাই বিছনাত শোৱাই হাত ভৰি আৰু মূৰত তেল লগাই দিলে । ৰাতি তেওঁ টোপনিত বিভোৰ । কিন্তু ৰোহিনীৰ কিয় জানো সিদিনা টোপনি নাই । তাই নিবিৰক যিমানেই ভাল নাপায় কিয় কিন্তু তেওঁৰ মদ পান কৰা বিষয়টো তাইৰ পচন্দ নহয় । কেতিয়াবা তেওঁক মনৰ কথা খুলি ক’ব খোজে যদিও তেওঁ বেয়া পাব বুলি মনতেই কবৰ দিয়ে কথাবোৰ । ৰাতি বাৰ মান বজাত নিবিৰৰ ম’বাইলত এটা মেচেজ আহিল । তাই ম’বাইলটো হাতত লৈ খুলিব যাওঁতে লক দেখা পাই থমকি গ’ল । আগে পিছে তাই কেতিয়াও নিবিৰৰ ফোনত হাত নিদিয়ে কাৰণ কাৰোবাৰ ব্যক্তিগত বস্তুত হাত নিদিয়াটো এটা ভদ্ৰতা বুলি ভাবে তাই । পতিয়েই হওক পত্নীয়েই হওক , সকলোৰে প্ৰাইভেচি বোলা বস্তু এটা থাকেই । সিদিনা ম’বাইলটো এইকাৰণে হাতত ল’লে যে দৰকাৰী মেচেজো হ’ব পাৰে কাৰণ তেওঁতো টোপনিত । তেওঁৰ টোপনি ভাঙি তেওঁক জগোৱাটোও উচিত নহ’ব হয়তো । তাই তেওঁৰ ফিংগাৰ প্ৰিন্ট লৈ লকটো খুলি হুৱাটছাপত মেচেজটো দেখা পঢ়িবলৈ ল’লে । মেচেজটো পঢ়ি তাই কঁপিবলৈ ধৰিলে । মেচেজবোৰ স্ক্ৰুল কৰি ওপৰৰ পিনে গৈ তাই কিছুমান ছবি দেখা পাই হতভম্ভ হৈ পৰিল । নিবিৰৰ লগত হোৱা তাইৰ গোপন সম্পৰ্কৰ সমস্ত ভিডিঅ’বোৰ সেই মানুহজনক দিয়া আছে । মেচেজবোৰত তাইৰ বিষয়েই সমস্ত আলোচনা । তাই বেলেগ ৰুমত গৈ সম্পূৰ্ণ মেচেজবোৰ পঢ়িলে আৰু ততাতৈয়াকৈ ম’বাইলৰ গেলেৰি চেক কৰিলে । বিভিন্ন সময়ত বিভিন্ন ছোৱালীৰ লগত নিবিৰৰ গোপন সম্পৰ্কৰ ভিডিঅ’ । তাই বুজিবলৈ বাকি নাথাকিল যে অচিৰেই তাইক বেশ্যাখানালৈ স্থানান্তৰ কৰা হ’ব । তায়েই যে প্ৰথম এনে নহয় । সাহিত্যৰ আঁৰত এনে বহুতো ছোৱালীৰ লগত নিবিৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি বিয়া পাতি কিছুদিন ব্যৱহাৰ কৰি বাহিৰৰ দেশলৈ বিক্ৰী কৰি দিয়ে । নাই তাই কোনোভাৱেই এইটো পথত যাব নোৱাৰে । নিজকে এই মকৰা জালৰ পৰা মুক্ত কৰিবই লাগিব । তাই তৎক্ষণাৎ পুলিচক কল কৰি মাতি নিবিৰক গতাই দিলে । বিয়াৰ তিনি মাহ পাৰ নৌহওঁতেই তাই হেঁপাহৰ সমাধি ঘটিল ।
– বাইদেউ , কি হ’ল ভাৰাটো দি নামি যাওক । কিমান ৰৈ থাকিম আৰু ?
– অ’ ভা.. ভা.. ভাৰা ? অ’কে আই এম ছৰি ।
আঁচলৰ গাঁঠিৰ পৰা দহ টকাৰ কইঞ্চ এটা উলিয়ায় ড্ৰাইভাৰজনক দি ৰুমলৈ বুলি বাট ল’লে তাই ।