সমাজ কোন দিশে – ৰুমী কলিতা দত্ত

সমাজ কোন দিশে
ৰুমী কলিতা দত্ত, ডিব্ৰুগড়
ফুলজোপা থকা ঠাইডোখৰ সলনি কৰি দিয়াৰ পিছত লাহে ফুলজোপা জহি পমি যাবলৈ ধৰিলে।নিশাশ্ৰীয়ে কেইবাদিনো ভাবি আছে ইয়াৰ কাৰণ কি হ’ব পাৰে ?আজি হঠাৎ তাইৰ মনলৈ আহিল -হয় ঠিকেই, ঠাইডোখৰত পোহৰ কমকৈ পৰে।তাই মনলৈ আন এটা কথাই ভুমুকি মাৰিল– মানুহৰ জীৱনবোৰো এনেকুৱাই।সময়মতে খাদ্য-বস্ত্ৰৰ অভাৱ দূৰ কৰিব নোৱাৰিলেও জীৱন বিপথে যায়।সন্তানক আন্ধাৰৰ মাজৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰিলেহে জগত পোহৰ হ’ব।মাদকদ্ৰব্যৰ গৰাহত পৰিও বহু সন্তান আন্ধাৰৰ দিশে ধাৱমান ।  এনেকৈ সমাজত জানো প্ৰগতি হ’ব  ?