সমাজৰ পৰা শিষ্টাচাৰ নোহোৱা হৈ গ’ল নেকি? – নাছিৰ আহমেদ

PC VectorStock
সমাজৰ পৰা শিষ্টাচাৰ নোহোৱা হৈ গ’ল নেকি?
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
আমি যেতিয়া বিদ্যালয়ত পঢ়িছিলোঁ, তেতিয়া শিক্ষকক দেখিলে দূৰৰ পৰাই তেখেতেক সন্মান প্ৰদৰ্শন কৰাৰ বাবে সষ্টম হৈ পৰিছিলোঁ । ৰাস্তাত চাইকেল চলাই থাকিলে চাইকেলৰ পৰা শিক্ষক গৰাকীক নমস্কাৰ জনাই পাৰ হৈ গৈছিলোঁ, ছাতি জপাই লৈছিলোঁ। শ্ৰেণীত শিক্ষকে পাঠদান কৰি থাকোঁতে অতি মনোযোগেৰে তেখেতৰ পাঠদান শুনিছিলোঁ। আমাৰ সময়ৰ এই শিষ্টাচাৰকণ বৰ্তমান নোহোৱা হৈ পৰিছে।  এতিয়া ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ সন্মুখেৰে বাইক আৰু স্কুটি লৈ ভোভোকৈ গুচি যায় ; শিক্ষকক দেখিলেও নেদেখাৰ ভাও জুৰে। সুযোগ পালেই বহুত ছাত্ৰ বা ছাত্ৰীয়ে শিক্ষকৰ লগত মুখ চুপতি মাৰে । ৰাতি ৰাতি শিক্ষকৰ লগত মোবাইল ফোনত মেচেজ,ভিডিও আৰু ক’ল কৰাৰ কথা নকলোৱেইবা।কেৱল শিক্ষক বুলি নহয়, এসময়ত আমাৰ অসমত কণিষ্ঠজনে জ্যেষ্ঠজনক সন্মান প্ৰদৰ্শন কৰা চিৰাচৰিত প্ৰথা আছিল।ঘৰতো সন্তানসকলে পিতৃক দেৱতা হিচাপে অনুভৱ কৰিছিল। কেৱল সেয়ে নহয় সন্তানে পিতৃক বাঘৰ দৰে ভয়ো কৰিছিল ; কেৱল মাকৰ ওচৰত হে সন্তানে আৱদাৰ কৰিছিল। সেই শিষ্টাচাৰো যেন কিছু লাঘৱ হোৱা অনুভৱ হৈছে।  এতিয়া প্ৰায় বহুত সন্তানে মা-দেউতাকক বৃদ্ধাঙ্গুষ্ঠ দেখুৱাই মা দেউতাৰ সন্মুখতে নানা কুকৰ্ম  কৰা দেখা যায়। এনেকি মা-দেউতাকক নানা ধৰণে নিৰ্যাতন কৰাৰ সংখ্যাও বৃদ্ধি হৈ আছে।ৰাজ্যখনৰ বিভিন্ন বিভাগৰ প্ৰশাসনিক সেৱাৰ বিষয়া, পুলিচ বিভাগৰ উৰ্ধতম বিষয়া আদি অতি সন্মানীয় ব্যক্তিসকলকো সুযোগ আৰু সুবিধা পালেই তলতীয়া কৰ্মচাৰী বা ৰাইজে বৰ্তমান সুধাই নেৰে। কিন্তু, বৰ্তমান আটাইতকৈ লক্ষণীয় কথা হৈছে,  বি জে পি শাসিত ৰাজ্যিক চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতী আৰু শিশুসকলৰ অতিৰিক্ত হলিগলি আৰু চুপতা-চুপতি । ৰাজ্যৰ এজন মুৰব্বীৰ পদত অধিষ্ঠিত ব্যক্তিক মামা ,মামা বুলি সম্বোধন কৰা, যি কোনো ৰাজনৈতিক সভাত কণ কণ শিশুৰ পৰা আৰম্ভ কৰি কিশোৰ-কিশোৰী, যুৱক-যুৱতীয়ে মুখ্যমন্ত্ৰীৰ গাত গা লগাই শাৰীপাতি থিয় হৈ ছেল্ফি উঠা , হাত দুখন খামুচি ধৰা , কোলাত শুই পৰা আৰু মুখ্যমন্ত্ৰীৰ গালত চিকুট মাৰি দিয়া কাৰ্য কেৱল অশোভনীয় নহয় , মুখ্যমন্ত্ৰীৰ পদ-মৰ্যাদাক লঘু কৰা বুজায়।বৰ্তমান সমাজত এই শিষ্টাচাৰৰ অভাৱৰ বাবে কেৱল শিশু, কিশোৰ-কিশোৰী বা যুৱক-যুৱতীয়ে দায়ী নহয় , কিছু পৰিমাণে দায়ী শিক্ষকৰ নামত তথাকথিত কিছু উচ্ছৃঙ্খল শিক্ষক, আদৰ্শহীন পিতৃ-মাতৃ , দুৰ্নীতিগ্ৰস্থ বিষয়া আৰু ভোটৰ সস্তীয়া ৰাজনীতি কৰা  ৰাজনৈতিক দল। এক কথাত কবলৈ গলে, বৰ্তমান সোলোক-ঢোলোক সমাজ- ব্যৱস্থা আৰু সমাজ ব্যৱস্থাক নিয়ন্ত্ৰণ কৰা নিম্ন মানদণ্ডৰ মৌলিকতাবিহীন শিক্ষা-ব্যৱস্থা। এসময়ত আমাৰ ৰাজ্যৰ পাঠ্যক্ৰমত নীতিশিক্ষামূলক বিভিন্ন আদৰ্শ থকা পাঠ আছিল। এই পাঠসমূহ অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে শৈশৱ কালৰ পৰাই শিষ্টাচাৰৰ নিৰ্দিষ্ট গুণসমূহ আয়ত্ত কৰিছিল। এতিয়া বিজ্ঞান-সন্মত পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ নামত বিষয়সমূহত (Subject) কেৱল এশ শতাংশ নম্বৰ লাভ কৰি পৰীক্ষাত উত্তীৰ্ণ হোৱাকেই শিক্ষালাভৰ চাবি-কাঠি বুলি গণ্য কৰা হয়।যাৰ ফলত সমাজৰ সকলো স্তৰতে শিষ্টাচাৰৰ অভাৱ পৰিলক্ষিত হৈছে।