সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ ৮২ বছৰ বয়সত মৃত্যু

Pc Zee News

সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ ৮২ বছৰ বয়সত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়েম সিং যাদৱৰ দেহাৱসান। বিগত কিছুদিন ধৰি গুৰুগ্ৰামৰ মেদান্তা হাস্পতালত চিকিৎসাধীন হৈ আছিল মুলায়েম সিং যাদৱ। হাস্পতালত অন্তিম নিশ্বাস ত্যাগ কৰিলে সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপকগৰাকীয়ে।উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮২ বছৰ। গুৰুগ্ৰামৰ মেদান্তা হাস্পতালত আজি পুৱা ৮.১৬ বজাত অন্তিম নিশ্বাস ত্যাগ কৰে মুলায়েম সিং যাদৱে। ভাৰতৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰীও আছিল মুলায়েম সিং যাদৱ। সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে মৃত্যুৰ খবৰ নিশ্চিত কৰি কয়, মোৰ শ্ৰদ্ধাৰ পিতৃ আৰু সকলোৰে নেতা মুলায়েম সিং যাদৱ আৰু নাই। মুলায়েম সিং যাদৱক ২২ আগষ্টত শ্বাস–প্ৰশ্বাসত কষ্ট হোৱাৰ পিছত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। স্বাস্থ্যৰ উন্নতি নোহোৱাত ১ অক্টোবৰত তেওঁক আইচিইউলৈ স্থানান্তৰ কৰা হৈছিল।