সমাজখন কেনেকৈ ভাল হ’ব – সত্যজিৎ গগৈ

PC - WorkingNation
সমাজখন কেনেকৈ ভাল হ’ব
সত্যজিৎ গগৈ, ডিব্ৰুগড়
সমাজ এখন আগবাঢ়িবলৈ হ’লে সকলোৱে সকলোকে যিকোনো প্ৰকাৰে হ’লেও সহযোগ কৰিব লাগিব।কিন্তু অসমৰ সমাজ  বিলাকত সহযোগিতা আছে নে?কোনোৱে সমাজৰ ভালৰ বাবে কিবা এটা কাম কৰিব খুজিলেও পিছফালৰ পৰা খুঁছা-বিন্ধা কৰা মানুহৰ সংখ্যাই বেছি।নৱপ্ৰজন্মক কিবা ভাল কথা এটা বুজাই দিয়াৰ ক্ষন্তেক পিচতেই দেখা যায় যে তেওঁলোকক কিছুমান লোকে ঋণাত্মক কথা কৈ বিপথে পৰিচালিত কৰে।শিশুসকলকো জেষ্ঠ সকলে ভাল কথা শিকোৱাৰ বিপৰীতে বেয়া পথেৰেহে লৈ যোৱা দেখা যায়।কোনো সভা সমিতিত দুটা ভাল কথা কৈ অহাৰ পিচতেই সেই ব্যক্তিগৰাকীৰ বিপক্ষে বিভিন্ন ধৰণৰ ঋণাত্মক কথাৰে থকা সৰকা কৰিবলৈ অসমৰ মানুহে কেতিয়াও নাপাহৰে।কোনো ব্যক্তিৰ মৃত্যুৰ পিচত তেখেতৰ জীৱনৰ ভাল কথাবোৰ আলোচনা কৰাৰ বিপৰীতে তেখেতে কি কি বেয়া কাম কৰিছিল সেই কথাবোৰেহে আগস্থান পাই।যদি সেই মৃত ব্যক্তিগৰাকীৰ বিষয়ে বেয়াকৈ আলোচনা কৰিবলৈ আছিলেই তেন্তে জীৱিত অৱস্থাতেই কিয় তেনে কথাবোৰ আলোচনা কৰা নহ’য়?গতিকে এনেবোৰ কাৰণতেই অসম ৰাজ্যখনক অন্য ৰাজ্যৰ মানুহে জংঘলি বুলি ক’বলৈ অথবা অসমৰ মানুহে কুকুৰ মাংস খাই বুলি কবলৈও কুণ্ঠাবোধ নকৰে। অসমত বসৱাস কৰা কোনো মানুহেই “মই অসমীয়া” বুলি বুকু ডাঠ কৰি জীয়াই থাকিব নোখোজে।সকলোৱে অসমখনক ভাগ ভাগ কৰি মই আহোম,মই কছাৰী,মই মিচিং,বড়ো,মই কোঁচ,মই কলিতা,মই কাৰ্বি,মই বিহাৰী,মই বেংগুলী,মই হিন্দু,মই মুছলমান,মই খ্ৰীষ্টান আদিৰে ভাগ ভাগ কৈ চিনাকী দিয়াহে দেখা যায়।এনেকৈ চিন্তা কৰিলে আমাৰ সমাজবোৰ আগ বাঢ়িব নে অদ্ধঃপতনে যাব!