সময় – সবিতা বেগম

PC - Unsplash
সময়
সবিতা বেগম, বৰপেটা
টিং টিং কৈ কলিং বেলটো বাজি উঠিল, অঞ্জলি দৰ্জাটো খুলি দিলে।  গোবিন্দ বেগ এখন লৈ সোমাই আহি ক’লে –  ‘আজিৰ পৰা মা আমাৰ লগতেই থাকিব…। অঞ্জলি চিঞৰি উঠিল, মানে … মই এই জঞ্জালৰ বাবে ভাৰা ঘৰত আহিছোঁ, দাদাৰ সতে থাকিবলৈ দি আহা গৈ । গোবিন্দ লাহেকৈ ক’লে – দাদাই উলাই দিছে ঘৰৰপৰা আৰু এয়া মোৰ মাক নহয় অঞ্জলি তোমাৰ মাক…..।