সময়ৰ সোঁত- প্ৰণামী দেৱী

pc- physics(APS)- American Physical Society

সময়ৰ সোঁত

প্ৰণামী দেৱী
তেলিয়া সোনাৰী গাঁও ,মিছামৰা

মৰমী সৰুৰ পৰাই পঢ়া,নাচ,গান সকলোতে আগৰণুৱা আছিল। আন ল’ৰা ছোৱালীৰ দৰে টিউচন নোলোৱাকৈয়ে ভাল ফলাফল দেখুৱাইছিল। কিন্তু, অসুস্থ মাক- দেউতাকৰ বাবে ঔষধ আনিবলৈকে অভাৱ হোৱা পৰিয়ালটোৰ বাবে,তাই হে একমাত্ৰ। সেয়ে মৰমীয়ে চাকৰি বিচাৰিলে। অলপ দিনৰ পিছত তাই অফিচ এটাত ৩য় বৰ্গৰ পদত কাম এটা পালে আৰু ভাবিলে অলপ সকাহ পালে। দিনটো আফিচাৰ সকলৰ আপদাল মৰা তাৰ পাছতো অকথ্য….মৰমীৰ শোকে খুন্দা মাৰিছিল, কাৰণ তাই সেয়াৰ যোগ্য নহয়।তাইৰ সপোন আছিল বেলেগ, কিন্তু সময়ে বহুতো শিকাই। মৰমী প্ৰতিজ্ঞাবদ্ধ হ’ল – লক্ষ্যত উপনীত হ’বই। তাই দিনত সকলো কৰি ৰাতি পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰিলে। কেইমাহ মানৰ পাছত তাই অফিচত থাকোঁতেই এখন চিঠি আহিল, দেখিলে নিযুক্তি পত্ৰ। সকলো অবাক হ’ল। দুদিনমানৰ পাছত যেতিয়া মিছ্ মৰমী বৰুৱা অফিচাৰ হৈ আহে,তাইক অকথ্য নিৰ্যাতন চলোৱা কেইজন চকী পৰা উঠি দিয়ে, আৰু মেদাম মেদাম কৈ পিছে পিছে দৌৰি ফুৰে।