সময়ে পাহৰাব নোৱাৰা এক বিৰল ব্যক্তিত্ব – প্ৰস্তুতি শৰ্মা

সময়ে পাহৰাব নোৱাৰা এক বিৰল ব্যক্তিত্ব

প্ৰস্তুতি শৰ্মা, দেৰগাঁও, গোলাঘাট

মৃত্যুৱে যাক অভিনন্দন জনাই সেই মৃত্যু অপৰাজেয়।আজি লিখিবলৈ লৈছো হাঁহিৰে হৃদয় জিনিব পৰা এজন বিশেষ মানুহৰ বিষয়ে । কায়িক ভাৱে নহ’লেও যিজন আমাৰ হৃদয়ত জীয়াই আছে সেইজন এই হ’ল দিলীপ বৰঠাকুৰ।অসম চৰকাৰৰ ভাৰতীয় প্ৰশাসনিক বিষয়া হোৱাৰ লগতে প্ৰাক্তন ৰাজ্যিক নিৰ্বাচনৰ আয়ুক্ত। কৃষি আৰু পশুপালনৰ লগতে শিক্ষা বিভাগৰো সচিব,অসম সমবায় চেনিকলৰ মুখ্য সঞ্চালক আছিল । ইয়াৰ ওপৰিও কবিতা,গল্প, উপন্যাস, ইতিহাস, দৰ্শন, সংগীত , নৃত্যকলা, পশু-পক্ষী নিৰীক্ষক আদি বিভিন্ন ৰুচিসম্পন্ন বিষয়ৰ প্ৰতি আগ্ৰহী আছিল।জ্ঞানপীঠ বঁটা বিজয়ী কাব্য‌ঋষি নীলমণি ফুকনৰ কথাৰে -“সংগীতেহে সৰ্বক্ষণে তেওঁৰ পৰাণ টানে।”আচলতে তেখেত এটা সুন্দৰ সত্তা। মৃত্যুৱে তেখেতক বিনাশ ঘটাব পৰা নাই কাৰণ মৃত্যুৰ পাছতো নিজৰ দেহাটো ইলোৰা বিজ্ঞান মঞ্চত দান দি থৈ গৈছে । আচলতে মানুহৰ মাজত ভগৱান বিচাৰি ফুৰিছিল মানৱদৰদী বৰঠাকুৰে, বন্ধু কাব্য ঋষিয়ে” সূৰ্য্য হেনো নামি আহে ” গ্ৰন্থ খনত তেওঁৰ নামেৰে উৎসৰ্গা কৰিছে । অসমৰ বুদ্ধিজীৱী হীৰেন গোহাঁইয়ে তেখেতৰ বিষয়ে এনেদৰে কৈছে ……..”চেকা নলগা সুদীৰ্ঘ কৰ্মজীৱনৰ বাবে জনাজাত অসমৰ প্ৰশাসনীয় সেৱাৰ এগৰাকী কৰ্তব্য নিষ্ঠ, কৰ্মদক্ষ বিষয়া আৰু ৰসিক সজ্জন বুলিলে দিলীপ বৰঠাকুৰৰ সম্পূৰ্ণ পৰিচয় দিয়া নহ’ব। দেৰগাঁওৰ পৰা ওলোৱা বহুকেইজন প্ৰতিভাৱান ব্যক্তিৰ মাজত বৰঠাকুৰ আছিল এজন” গ্ৰন্থ অধ্যয়ন অনুৰাগী আছিল তেখেত সেয়ে বহুতো গ্ৰন্থ আগবঢ়াই থৈ গৈছে যোৰহাটৰ গ্ৰন্থাগাৰলৈ। তেখেতৰ ডাঙৰ পুত্ৰ সৌৰভ বৰঠাকুৰৰ পৰা আমি জানিব পাৰিছিল যে জীৱনৰ বহুতো সময়ৰ সৎ ব্যৱহাৰ গ্ৰন্থ অধ্যয়ন সম্পৰ্কে তেখেতৰ মহানুভৱতা ইত্যাদি ইত্যাদি।স্মৃতিবোৰ সুঁৱৰি তেখেতৰ পৰিয়ালবৰ্গই প্ৰজ্ঞাৰ সাধক দিলীপ বৰঠাকুৰ বঁটা প্ৰতি বছৰে আগবঢ়াই আহিছে।তেখেত জী থাকক প্ৰতিজন মানৱৰ হৃদয়ত। লিখনিৰ জৰিয়তে শ্ৰদ্ধা নিবেদিলো।