সভ্যতাৰ দস্তাবেজ – পাহাৰী শইকীয়া

সভ্যতাৰ দস্তাবেজ
 পাহাৰী শইকীয়া, যোৰহাট  
চিত্ৰাংগদাৰ দেশ মণিপুৰ জ্বলিছে আজি।মেৰিকম,মীৰাবাঈ,চানুৰ দৰে যি মহিলাই দেশলৈ সুনাম তথা গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল আৰু আজি সেই মণিপুৰতেই নাৰীৰ সন্মান ভূলণ্ঠিত হ’ল।গোটেই ভাৰতবৰ্ষকে লজ্জাজনক কৰা এক জঘন্য ঘটনা।পৃথিৱীৰ পোহৰৰ বাট দেখুওৱা নাৰীৰ আজিৰ সেই চিৎকাৰ কোনে শুনিব।অসহায় তেওঁলোক !ভাষা নাই আজি একো ক’বলৈ।গোষ্ঠীগত সংঘাতৰ বলি হ’বলগীয়া হ’ল দুগৰাকী নাৰীয়ে।উলংগ কৰি ৰাজপথৰ সমদলত খোজ কাঢ়িবলৈ বাধ্য কৰোৱা হ’ল তেওঁলোকক।সেই সময়ত সেই নাৰীকেইগৰাকীৰ মৰ্মবেদনা কোনে বুজি উঠিছিল।কিমান ছাগৈ তেওঁলোকৰ অন্তৰাত্মাই কান্দিছিল ।এইয়া সভ্য সমাজৰ বাবে এক নিৰ্লজ্য ঘটনা।যি ঘটনাই সমগ্ৰ দেশকে জোকাৰি গৈছে।যিখন দেশত নাৰীক পূজা কৰা হয়, আজি সেই দেশতেই নাৰীক সম্পূৰ্ণ বিৱস্ত কৰি পশুসম অধমে দলৱদ্ধ ধৰ্ষণ কৰি এক বন্য উল্লাস!হৰ্ষোল্লাসত মত্ত হ’ল।সঁচাকৈয়ে এইয়া মানৱ সমাজৰ বাবে এক চুড়ান্ত লজ্জাজনক ঘটনা।ধিক্‌ !মানৱ সমাজ।আজি যেন পশুতকৈও অধম হৈছে মানৱ জাতি।ক’বলৈ ভাষা নাই।আজি যেন সকলো নাৰী সজাগ হ’বৰ হ’ল।আজি দ্ৰৌপদীৰ বস্ত্ৰ হৰণ ৰুধিবলৈ শ্ৰী কৃষ্ণৰ পুনৰ আৰ্বিভাৱ নহয়।আজিৰ নাৰীয়ে নিজৰ আত্মৰক্ষা নিজেই কৰিব লাগিব।যি দেশত দেৱীক পূজা কৰা হয় আজি সেই দেশতেই নাৰী নিৰ্য্যাতনৰ বলি হ’ব লগীয়া হৈছে। ধিক্‌ মানৱতা…!