সপোন – সংযুক্তা দত্ত

PC - Happy beds

সপোন

ভাৰতবৰ্ষৰ বিজ্ঞানী তথা ভাৰতৰ ৰাষ্ট্ৰপতি ড ° এ. পি.জে আব্দুল কালামে কৈছিল যে – সপোন সেইটো নহয় যিটো তুমি শুই থাকোঁতে দেখা , সপোন সেইটোহে যিটোৱে তোমাক শুবলৈ নিদিয়ে।  পৃথিৱী অধিকাংশ মানুহৰ লগতে এই কথাষাৰ খাটে। সপোন আমি বহুত দেখোঁ । সেয়া শুই থকা অৱস্থাতে হওঁক বা নিজৰ জীৱনক লৈ দেখা সপোনেই হওঁক। পাৰ্থক্য মাত্ৰ এটাই শুই দেখা সপোনটো ৰাতিপুৱালৈ আমি পাহৰি যাওঁ। আৰু ভৱিষ্যতক লৈ দেখা সপোনটোৱে আমাক শুবলৈ নিদিয়ে। আমাৰ সকলোৱে কিছুমান সপোন থাকে যে – ধৰি লওঁ এজন ব্যক্তিয়ে এটা পৰীক্ষা দিব আৰু পাছ কৰি এটা বেলেগ দিশত কাম কৰি আগুৱাই যাব বিছাৰে । ঠিক তেনেদৰে বহুতো মানুহে নিজৰ লক্ষ্য দিশে আগুৱাই যাব পাৰে। তাৰ কাৰণে বহুতো কষ্ট, আৰু ত্যাগ কৰিব লাগে । যেতিয়া আমি এজন সফল ব্যক্তি বা উচ্চপদস্থ বিষয়া লগ পাওঁ তেতিয়া আমি ভাবোঁ যে কিমান সহজ তেওঁ জীৱনটো , ইমান সহজে তেওঁ সফল হ’ল আদি এনে কিছুমান কথা আমাৰ মনলৈ নিশ্চয় আহে । কিন্তু আমি এটা কথা ভাবি নাচাওঁ যে – ইয়াৰ আঁৰত কিমান কষ্ট আছে । কিমান বাৰ বিফল হৈছে সেয়া হয়তো আমি কোনেও ভাবি নাচাওঁ। কেৱল আমি সহজতে হোৱা সফল বুলিহে মানি লওঁ। যদি নিজৰ কাম আমি দৃঢ়তাৰে কৰোঁ তেতিয়া আমি সকলোৱে এদিন নিজৰ নিজৰ সপোনৰ ফালে আগুৱাই গৈ সফল হ’ব পাৰিম। সময় লাগিব কিন্তু এদিনটো হ’ব । সপোন এটা শব্দ নহয় যদিহে আমি ভালকৈ দেখিব পাৰোঁ তেতিয়া কিন্তু এই সপোন শব্দটোৱে আমাক আমাৰ লক্ষ্য স্থানত থিয় কৰাই দিয়ে। ‘স’ – মানে হ’ল – সৎ, সাহসী, সত্য, সততা, সংস্কাৰ আদি বুজায়। আৰু ‘পোন ‘ মানে – স্থিৰ , গতি আদিক বুজায় । সেইকাৰণেই টো ‘সপোন’ ।

-সংযুক্তা দত্ত
দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়