সপোনৰ পিছত দৌৰা ছোৱালীজনীঃএয়া এক হেপাহৰ কাহিনীঃজ্যোতিৰ্ময় শৰ্মা, মংগলদৈ, দৰং

   টকিঅ অলিম্পিকত সুন্দৰ  প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় মহিলা হকী দলৰ কেপ্টেইন ৰানী ৰামপালৰ জীৱন সংগ্ৰামৰ বিষয়ে অকনমান লিখিছো। এই তথ্যসমুহ ইন্টাৰনেট তথা বিভিন্নজনৰ মূল ইংৰাজী লিখনিৰ পৰা সংগ্ৰহ কৰা।
সপোনৰ পিছত দৌৰা ছোৱালীজনীঃএয়া এক হেপাহৰ কাহিনী। এয়া এক স্বপ্নপিয়াসী, দৃঢ়মনা খৈলুৱৈৰ জীৱনৰ কথা
এখন হকী প্ৰশিক্ষণ একাদেমীৰ নিচেই ওচৰত তেওলোকৰ ঘৰ। ঠিক ঘৰ নহয় একপ্ৰকাৰ আশ্ৰয়স্থল। এজাক বৰষুণ দিলেই ঘৰৰ ভিতৰত একাঠু পানী জমা হয়। শান্তিত শুৱ নোৱাৰে। এফালে আশাই শুৱ নিদিয়ে আনফালে মহে শুৱ নিদিয়ে। দেউতাক এজন ঠেলাচালক আৰু মাকে মানুহৰ ঘৰত কাম কৰে। উপাৰ্জন অতি সীমিত। তাৰ মাজতে ছোৱালীজনীয়ে সপোন দেখে হকী খেলুৱৈ হোৱাৰ। জীৱন চলি থাকে এনেকৈয়ে।
  হকী একাদেমীৰ প্ৰশিক্ষকজনক প্ৰায়ে ছোৱালীজনীয়ে কাকূতি মিনতি কৰে- “মোক খেলিবলৈ শিকাই দিয়ক।” খীন মীন ৰুক্ষ চেহেৰাৰ ছোৱালীজনীক প্ৰশিক্ষকজনে বাৰে বাৰে নিৰুৎসাহ কৰে। তেখেতে কৈছিল- এই দুৰ্বল চেহেৰাৰে তুমি হকী খেলিব নোৱাৰিবা।
  এদাল হকী ষ্টীক আৰু এযোৰ জোতা কিনাৰ সামৰ্থ্য তাইৰ নাছিল। মানে মাক দেউতাকৰ নাছিল। সেয়া সপোনৰো অগোচৰ আছিল তেওলোকৰ বাবে। এদিন ভগা হকী ষ্টিক এদাল হাতত লৈ ছোৱালীজনী একাদেমীৰ প্ৰশিক্ষকজনৰ সন্মুখত থিয় হৈছিলগৈ। কৈছিল- “মই খেলিব খোজো ছাৰ।”
  সেই প্ৰশিক্ষকজনে তাইক এযোৰ জোতা আৰু এদাল হকী ষ্টিক কিনি দিছিল। আৰম্ভ হৈছিল স্বপ্নপূৰনৰ যুদ্ধ। হকী খেলৰ বাবে প্ৰয়োজনীয় সাজ পোছাকৰ অভাৱত চালৱাৰ কামিজ পিন্ধি একাদেমীৰ খেলপথাৰত অনুশীলন কৰিছিল ছোৱালীজনীয়ে।
 লাহে লাহে ঘৰৰ পিনৰ পৰা আপত্তি আৰম্ভ হ’ল-
ছোৱালী মানুহে ঘৰৰ কাম কৰিব লাগে। বিয়া হব লাগে। সংসাৰ কৰিব লাগে। কিহৰ খেলাধূলা!!
 তাই কৈছিল- “মোক খেলিব দিয়া। যদি মই ভাল খেলিব নোৱাৰো, নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম নহও তোমালোকে যি বিচাৰা তাকে কৰিম।”
 হকী একাদেমীৰ নিয়ম আছিল – প্ৰত্যেক খেলুৱৈয়ে ৫০০ মি:লি : গাখীৰ প্ৰশিক্ষণৰ সময়ত লৈ আহিব লাগিব। ছোৱালীজনীয়ে বটলত ৫০০ মি:লি: গাখীৰ ঠিকেই নিছিল কিন্তু তাত ৩০০ মি:লি: পানী আছিল। কোনেনো গম পাব !
 প্ৰশিক্ষকৰ বদান্যতাত ছোৱালীজনীয়ে জীৱনৰ প্ৰথম প্ৰতিযোগীতাত অংশগ্ৰহন কৰিছিল। সুন্দৰ খেলৰ সুবাদত ৫০০.০০ টকা পুৰস্কাৰ হিচাবে লাভ কৰিছিল। সেই ধনখিনি দেউতাকৰ হাতত তুলি দিয়াৰ পিছত পৰিয়ালৰ আটায়ে সেই নোটখনৰ পিনে বিস্ফোৰিতনেত্ৰে চাই আছিল। এদিনৰ উপাৰ্জন ইমান কেনেকৈ হব পাৰে!
 সময় বাগৰি গ’ল। জিলা পৰ্য্যায়ৰ পৰা গৈ ছোৱালীজনীয়ে এদিন ৰাজ্যিক দলত স্থান পালেগৈ। কিন্তু সপোন বাস্তৱ হবলৈ তেতিয়াও বহুদুৰ। খেলি গ’ল ছোৱালীজনীয়ে।
  অৱশেষত ভাল খেলৰ সুবাদত ৰাষ্ট্ৰীয় দললৈ আমন্ত্ৰণ পালে ছোৱালীজনীয়ে। ঘৰখনত বৈ গ’ল সুখৰ বন্যা। এনে সময়তে ছোৱালীজনীয়ে নিজাকৈ এখন ঘৰ সাজিলে। নিজৰ বাবে, পৰিয়ালৰ বাবে। গৃহপ্ৰৱেশৰ দিনা পুৰোহিতৰ মন্ৰোচ্ছৰানৰ শব্দ তল পেলাই  বাৰে বাৰে বতাহত ভাহি আহিছিল ছোৱালীজনীৰ ক্ৰন্দন।
“অপনা ঘৰ! হমাৰা অপনা ঘৰ!” চিঞৰি চিঞৰি কান্দিছিল ছোৱালীজনীয়ে।
সপোনৰ পিছত দৌৰি সপোন সাৰ্থক কৰা ছোৱালীজনী কোন জানেনে?  ভাৰতীয় মহিলা হকী দলৰ কেপ্টেইন ৰানী ৰামপাল। যিয়ে টকিঅ অলিম্পিকত ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিছে। পদকৰ দৌৰত ভাৰতীয় দলক উপনীত কৰোৱা ৰানী ৰামপাল কোটি কোটি ভাৰতীয়ৰ আদৰ্শ।
বাধা যিমানেই নাহক কিয় লক্ষ্য পূৰ্ণ কৰাৰ অদম্য হেপাহৰ যদি উদাহৰন দিবলগীয়া হয় ৰানী ৰামপালৰ নাম সদায়েই উচ্ছাৰিত হব।
ধন্যবাদ
জ্যোতিৰ্ময় শৰ্মা
মংগলদৈ, দৰং
ফোন নং-8011909030