সপোনে পাখা মেলিলে – জেফলিন চুলতানা

সপোনে পাখা মেলিলে
জেফলিন চুলতানা, নগাঁও
লাহে লাহে মোৰ সপোনবোৰে
পাখা মেলিব ধৰিলে
সমস্ত বাধা-বিঘিনী পাৰ কৰোঁ কৰোঁ অৱস্থাত
মোৰ সপোনে বহু দূৰলৈ পাখা মেলিব ধৰিলে ।
কৱৰস্থ কৰা সপোনবোৰ
পুনৰ উজ্জীৱিত হওঁ হওঁ অৱস্থা
সাঁচি থৈছোঁ মোৰ সপোনৰ দস্তাবেজ
কিয়নো …
মোৰ সপোনবোৰ যে সদায় মধুৰ কৰিব বিচাৰোঁ ।
বাৰুকৈয়ে ৰঙীন হ’ব ধৰিছে মোৰ সপোনবোৰ
আৰু সিঁচিছে আবেগৰ আবিৰ
মেলি দিছোঁ মোৰ সপোনৰ আঁচল
বিষাদবোৰ ঢাকি ৰখাকৈ ।
মোৰ সপোনবোৰে
বাস্তৱতাৰ মুখ নেদেখিলেওঁ
ভগা সপোন এটাক জোৰা দিম
হেৰুওৱা সপোনক লৈ মূৰ্খামি নকৰোঁ
তথাপিও মই সপোন দেখা নেৰোঁ
মই জীয়াই আছোঁ মানে মোৰ সপোনো আছে ।