সন্ধ্যাৰাগ – ইভা গন্ধীয়া ফুকন

PC Pixabay
সন্ধ্যাৰাগ
ইভা গন্ধীয়া ফুকন
নাহিবি ৰাগিণী মোৰ হাত খালী
অনা নাই কফীবাইট অনা নাই মেংগবাইট
যোৱা ৰাতি জ্বলি গ’ল মোৰ অৰ্থনীতিৰ নোটচ
ছাঁই হৈ গ’ল তোৰ ফিজিক্স
কেমিষ্ট্ৰিৰ ৰাসায়নিক বিক্ৰিয়াত
লুকাই থাকিল মোৰ মনৰ আটাইবোৰ উৰ্বৰতা
আন্ধাৰত লীন হ’ল মোৰ পূৰ্ণিমা
নৈমিত্তিক ব্যস্ততা ভাঙি উচুপিব নাজানো
পপীয়া তৰা হৈ উৰিব নোৱাৰো তোৰ হৃদয় বিপণীত
পঢ়াই নুশুনাবি তোৰ জয়াল বুৰঞ্জী
গাই নুশুনাবি আউল লগা মিউজিক
ৰাতি ৰাতি মোবাইল ফোনত ভাঁহি অহা জীৱনৰ দস্তাবেজে
লিখিব নোৱাৰোঁ এপিটাফ
মাটি ফুটি ওলাই অহা
কবৰৰ বেঙুনীয়া শিখাই ধৰিব আগুৰি !!