সন্ত্ৰাসবাদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ অশুভ সম্পৰ্কৰ বিৰুদ্ধে কংগ্ৰেছৰ অনশন কাৰ্য্যসূচী পালন

সন্ত্ৰাসবাদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ অশুভ সম্পৰ্কৰ বিৰুদ্ধে কংগ্ৰেছৰ অনশন কাৰ্য্যসূচী পালন

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ কেন্দ্ৰীয় নেতা ৰাম মাধৱে কুকি সন্ত্ৰাসবাদীৰ সৈতে অশুভ সম্পর্ক স্হাপন কৰি মনিপুৰত যোৱা ২০১৭ চনৰ বিধান সভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিছিল আৰু ২০১৯ চনৰ সংসদীয় নির্বাচনতো বিজেপি দলৰ পক্ষে সাহাৰ্য্যৰ হাত আগবঢ়াইছিল বুলি স্বয়ং কুকি ইউ.কে.এল.এফ আৰু ইউ পি এফ নেতাই তথ্য সহকাৰে প্ৰচাৰ কৰিছে। | ইউ.কে.এল.এফ নেতা এছএছ হাওকিপে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰীলৈ দিয়া বিশেষ এখন চিঠি সম্পর্কেও ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত প্ৰকাশ পোৱাৰ ফলত দেশৰ সার্বভৌমত্বৰ প্ৰতি ভাবুকি আহি পৰিছে বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি শ্ৰীভূপেন কুমাৰ বৰাই আজি দলৰ অনশন কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি এইদৰে উদ্গীনতা প্ৰকাশ কৰে । প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় কাৰ্য্যলয় ৰাজীৱ ভৱনত পুৱা ১০ বজাৰ পৰা পালন কৰা এক অনশন কাৰ্য্যসূচীৰ জৰিয়তে সন্ত্ৰাসবাদী আৰু বিজেপি নেতা সকলৰ অশুভ সম্পর্কক তীব্র নিন্দা কৰা হয়। উক্ত অনশন কাৰ্য্যসূচীত যোগদান কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে কংগ্ৰেছ দলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱৰ দেশদ্রোহী কাৰ্য্যকলাপৰ বিৰুদ্ধে ৰাইজক অৱগত কৰিব আৰু আগন্তুক নিৰ্বাচনত উক্ত বিষয়টো এটা প্রধান নির্ণায়ক বিষয় হিচাবে লৈ কংগ্ৰেছ দলে প্ৰচাৰত নামিব | আনহাতে হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ নেতৃত্বাধীন চৰকাৰখনে সূৰ্য্যক ভালপাওঁ বুলি কৈ এটা কবিতা লিখাৰ বাবেই এগৰাকী যুৱতীক কাৰাবন্দী কৰি ৰাখি থৈ ভুৱা দেশপ্ৰেমৰ অভিনয় কৰি নিজেই কুকি সন্ত্ৰাসবাদী সকলৰ সৈতে চুক্তি কৰি মনিপুৰত ক্ষমতা দখলৰ ৰাজনীতি কৰি যি দেশদ্রোহীতাৰ পৰিচয় দিছে স্বাধীনোত্তৰ ভাৰতত তাৰ দৃষ্টান্ত পাবলৈ নাই বুলি অনশনত অংশ গ্ৰহণ কৰি সাংসদ শ্রীঅজিত কুমাৰ ভূঞাই বিষয়টো ‘নিয়া’ই গোচৰ আকাৰে লব লাগে বুলি সজোৰে দাবী জনায়। দিনজোৰা অনশন কাৰ্যসূচীত কংগ্ৰেছ দলৰ বিভিন্ন পৰ্য্যায়ৰ নেতা আৰু বিষয়ববীয়াই অংশ গ্ৰহণ কৰে। প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি শ্ৰীভূপেন কুমাৰ বৰাৰ ওপৰিও সাংসদ অজিত কুমাৰ ভূঞা, প্রাক্তন সাংসদ বলীন কুলি, প্রাক্তন মন্ত্ৰী শৰৎ বৰকটকী, প্ৰাক্তন বিধায়ক হিৰণ্য বৰা, মতিউৰ ৰহমান, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, আব্দুছ শোভাহান আলী সৰকাৰ, দলৰ বিভিন্ন পৰ্য্যায়ৰ বিষয়ববীয়া মেহদী আলম বৰা, নৱ তালুদাৰ, ববিতা শৰ্মা, ৰামান্না বৰুৱা, বিপুল গগৈ, স্বপন মন্ডল, অৰুণ তিৱাৰী, গোলাপ শ‍ইকীয়া, আনোৱাৰ আহমেদ, গুণকান্ত গগৈ, কনকন দাস, দীপ বায়ন, ইমদাদ হুছেইন, মীৰা বৰঠাকুৰ গোস্বামী, গোপাল শৰ্মা, ৰাতুল কলিতা, পৱন শৰ্মা, দেৱজিত ডেকা, ধৰমচান্দ জৈন, মোজাহাৰুল ইছলাম, কৃষ্ণা দাস, বর্ণালী ফুকন, মৌচুমী নেওগ, অনিতা দেৱী, গীতালী দাস, ৰীণা বেগম, নমিতা ডেকা, চাজিয়া বেগম, চাজিৰা খাতুন, মইনাজান বেগম, বনশ্ৰী গগৈ, চুফিয়া বেগম, তৰা ভৰালী, নুৰ নাহাৰকে আদি কৰি প্ৰায় দুশৰো অধিক বিষয়ববীয়াই উক্ত অনশন কাৰ্য্যসূচীত অংশ গ্রহণ কৰে। উল্লেখযোগ্য যে উক্ত অনশন কাৰ্য্যসূচীত ত্ৰিপুৰা বিধানসভাৰ বিধায়ক শ্রীগোপাল ৰায় ডাঙৰীয়াও অংশ গ্ৰহণ কৰে৷