সদৌ অসম মেডিকেল লেৱৰেটৰী টেকনিচিয়ান সন্থাৰ সাধাৰণ সভা

সদৌ অসম মেডিকেল লেৱৰেটৰী টেকনিচিয়ান সন্থাৰ সাধাৰণ সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  বি পি অসামৰিক চিকিৎসালয় (নগাঁও)ৰ সভাকক্ষত সদৌ অসম মেডিকেল লেৱৰেটৰী টেকনিচিয়ান সন্থাৰ নগাঁও জিলা শাখাৰ সাধাৰণ সভা আৰু বিষয় বাচনি সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে অনিল চন্দ্ৰ নাথে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক প্ৰণৱ জ্যোতি বড়াই। সভাত ধেমাজি অধিৱেশনত গৃহীত প্ৰস্তাৱ সমুহৰ উপৰিও সন্থাৰ ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে কেন্দ্ৰীয় কাৰ্য্যকৰী কমিটীৰ বিষয় ববীয়া আৰু জিলা শাখাৰ সদস্যৰ মাজত মত বিনিময় হয় আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। নগাঁও জিলা শাখাৰ ২০২৩ আৰু ২০২৪ ৰ বাবে প্ৰণৱ জ্যোতি বড়াক সভাপতি আৰু গোলাপ চন্দ্ৰ নাথক সম্পাদক হিচাপে লৈ ২৭ জনীয়া কাৰ্য্যকৰী কমিটী গঠন কৰে। উক্ত সভাত অৱসৰপ্ৰাপ্ত অনিল চন্দ্ৰ নাথ আৰু ৰাজু বডাক সম্বৰ্দ্ধনা জনোৱা হয়। ইয়াৰ উপৰিও জিলা শাখাৰ সদস্য গোলাপ চন্দ্ৰ নাথৰ পুত্ৰ ভাৰ্গৱ শিৱম সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত ষষ্ঠ স্থান লাভ কৰে আৰু শিৱমক সম্বৰ্দ্ধনা জনোৱা হয়। সাধাৰণ সম্পাদকৰ সৈতে উপস্থিত থাকে সভাপতি দীনবন্ধু ডেকা, কাৰ্য্যকৰী সভাপতি পঙ্কজ বৰুৱা, যুটীয়া সম্পাদক সঞ্জীৱ ইংতি কাথাৰ, কোষাধ্যক্ষ জিতু কুমাৰ সাউদ, সাংগঠনিক সম্পাদক সঞ্জয় ৰংপী, কৰ্ণধাৰ সমিতিৰ সদস্য খগেন মহন্ত , কাৰ্য্যনিৰ্বাহ সদস্য জয়কৃঞ্চ গোস্বামী আৰু সুশীল চন্দ্ৰ ডেকা।