সদৌ অসম মহিলা কৰ্মচাৰী সন্থাই আন্তৰ্জাতিক নাৰী দিৱসত বৃদ্ধাশ্ৰমত নিত্যপ্ৰয়োজনীয় সামগ্ৰী বিতৰণ

সদৌ অসম মহিলা কৰ্মচাৰী সন্থাই আন্তৰ্জাতিক নাৰী দিৱসত বৃদ্ধাশ্ৰমত নিত্যপ্ৰয়োজনীয় সামগ্ৰী বিতৰণ

দীপক শৰ্মা, গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- আজি আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি “সদৌ অসম মহিলা কৰ্মচাৰী সন্থা”ৰ তৰফৰ পৰা মহানগৰীৰ কাহিলীপাৰাৰ নৰকাসুৰস্থিত “চেনেহ ভৱদা দেৱী মেমৰিয়েল ফিলানথ্ৰোপিক ট্ৰাষ্ট” বৃদ্ধাশ্ৰমত আই-মাতৃসকলৰ মাজত নিত্যনৈমিত্তিক ব্যৱহাৰ্য সামগ্ৰী, খোৱা-খাদ্য বিতৰণ কৰে । অনুষ্ঠানত মহিলা কৰ্মচাৰী সন্থাৰ উপদেষ্টা অঞ্জনা দাস হাজৰিকা, সাধাৰণ সম্পাদিকা মাইকণ দেৱী, সহকাৰী সম্পাদক মীনাক্ষী সিনহা, সদস্যা মজিদা আনচাৰী, ৰফিকা বেগম, নিভা বৰুৱা প্ৰমুখ্যে ভালেসংখ্যক সদস্যা উপস্থিত আছিল । মহিলা কৰ্মচাৰী সন্থাৰ বদান্যতাক বৃদ্ধাশ্ৰমৰ আই-মাতৃসকলে ভূয়সী প্ৰশংসা কৰে । মহিলা কৰ্মচাৰী সন্থাৰ নেত্ৰী মীনাক্ষী সিনহাই কয়- প্ৰতিজন নাৰীয়ে অইন এজন নাৰীৰ দুখ বেদনা বুজিব লাগিব । নাৰীক আগবঢ়ায় নিব লাগিব নাৰীয়ে । প্ৰতিখন ঘৰ শুনি কৰিব লাগিব । বুজাই বঢ়াই যোগাত্মক চিন্তাৰে আগবঢ়াই নিব লাগিব ।