সদৌ অসম ছাত্ৰ সন্থাৰ ‘উদ্দীপনা’

সদৌ অসম ছাত্ৰ সন্থাৰ ‘উদ্দীপনা’

ৰঙিলী বাৰ্ত্তাসেৱা- ৮ ছেপ্টেম্বৰত সন্ধিয়া ৬ বজাত দীঘলীপুখুৰীপাৰস্থিত ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্তিস্থলীত অসমৰ চিৰবৰেণ্য ব্যক্তি ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্ম দিনত তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ সদৌ অসম ছাত্ৰ সন্থা ই সদৌ কামৰূপ (ম) জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত ‘উদ্দীপনা’ শীৰ্ষক এটি অনুষ্ঠানৰ আয়োজন কৰিছে৷উক্ত অনুষ্ঠানত উপস্থিত থাকিবলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা,সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু সাংস্কৃতিক সম্পাদক বিতোপন শৰ্মাই অনুৰোধ জনাইছে৷