সতী নাৰী জয়মতী – লখিমী শৰ্মা

PC - Wikipedia
সতী নাৰী জয়মতী 
লখিমী শৰ্মা, যোৰহাট 
১৭শ শতিকাত জয়মতী কুঁৱৰী আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী । ” জয়মতী ” অসম বুৰঞ্জীৰ এক উল্লেখনীয় চৰিত্ৰ।যেতিয়া এক বিশেষ ৰাজনৈতিক পৰিস্থিতিত পৰি গদাপাণিয়ে ৰজাৰ সৈন্যৰ পৰা পলাই ফুৰিবলগীয়া  হৈছিল, ৰজা ঘৰৰ পৰা ৰজাই সৈন্যক আদেশ দিছিল, জয়মতী কুঁৱৰীক ৰজাৰ ওচৰলৈ মাতি নিবলৈ । জয়মতী আৰু গদাপাণিৰ দুই পুত্ৰক গদাপাণিৰ ওচৰত লাই লেচাক গতাই সতী জয়মতী কুঁৱৰীয়ে ৰজা ঘৰলৈ যাবলৈ ধৰিলে।আৰু আনফালে গদাপাণি পলাই গ’ল নগা পাহাৰলৈ।জয়মতী কুঁৱৰীয়ে স্বামীৰ ঠিকনা ৰজাৰ সৈন্যক নোকোৱাকৈ বহুদিন ধৰি চাওদাঙৰ শাস্তি খাই আছিল।জয়মতী কুঁৱৰীক চাওদাঙে বিহা শাস্তিসমূহ আছিল- কূটকোৰা গছত বান্ধি গৰম পানী ঢালিছিল, চমতাৰে কোবাইছিল, চোৰাতপাতে কোবাইছিল, গৰম লোহাৰে পুৰিছিল।কিন্তু ইমান শাস্তি খাইও জয়মতী কুঁৱৰীয়ে এবাৰলৈয়ো তেওঁৰ স্বামীৰ কথা ব্যক্ত কৰা নাছিল। নগা পাহাৰৰ পৰা গদাপাণি উভতি আহি নগা বেশত জয়মতীৰ কাষ চাপি নগা ভাষাত জয়মতীক স্বামীৰ কথা ক’বলৈ কোৱাত সতী জয়মতী কুঁৱৰীয়ে অমান্তি কৰি হৰিনাম ল’বলৈ ধৰে , আৰু শেষত গদাপাণিয়ে কান্দি কান্দি সতী জয়মতীৰ ওচৰৰ পৰা আঁতৰি যায় । ইমান কঠোৰ শাস্তি ভোগ কৰিও সতী জয়মতী কুঁৱৰীয়ে তেওঁৰ স্বামীৰ বতৰা নোকোৱাকৈয়ে সদৌশেষত মৃত্যুক আকোৱালি ল’লে।