সচাঁকৈয়ে চিন্তনীয়- মানসী মিশ্ৰ

মোৰ অনুভৱ 

সচাঁকৈয়ে চিন্তনীয়

গুৱাহাটী মহানগৰীত চৈধ্য জুন তাৰিখটোত বান আৰু ভূমি স্খলনত পাঁচজন মানুহে অকাল মৃত্যু ক সাৱটিৱ লগীয়া হ’ল ।সচাঁকৈয়ে পৰিতাপ ৰ কথা ।শোৱাপাটীতে চকু মুদি লে চিৰদিনৰ বাবে এই পাঁচ গৰাকী ব্যক্তিয়ে । ইয়াৰ আগতেও অৰ্থাৎ তিনি চাৰিবছৰ মান আগতে মহানগৰীৰ বিভিন্ন এলেকাত এইদৰে বৰষুণে সৃষ্টি কৰা বানপানী ত একেটা দিনতে অকাল মৃত্যু ক সাৱটি লবলগীয়া হৈছিল।তাৰ আগতে জুৰোড তিনি আলিতদুজন ফুলকুমলীয়া ছাত্ৰ ই অতি কৰুণ ভাৱে মৃত্যু ক সাৱটি ব লগীয়া হৈছিল ।হয়তো মহানগৰবাসীৰ মনত আছে উপামণি চৌধুৰী নামৰ সুন্দৰ সুঠাম চেহেৰা মহিলা গৰাকীয়ে সেই দিনটোত দেউতাকৰ বছৰেকীয়া শ্ৰাদ্ধ ৰ বাবে মাতৃৰ ঘৰলৈ গৈছিল।সন্ধিয়া ঘৰলৈ ওভোতাৰ পথত বৰষুণ ৰবানত উটি গৈছিল বহুজনৰ চকুৰ সমুখতে । পিছদিনাখন তেখেতৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল পল্টন বজাৰ ৰ নন্দন হোটেল ৰ সমীপৰ এটি নলাৰ পৰা । কিমান যে কৰুণ আছিল সেই দৃশ্য । টিভিৰ ‌ পৰ্দা তেই প্ৰত্যক্ষ কৰি মোৰ দুচকু ভৰি গৈছিল ।আজিও সেই কথাবোৰ মনত পৰিলে দুচকু সেমেকি উঠে । এইসমূহ কেইবছৰ মান আগৰ কথা । এতিয়া যেন এয়া নিয়মীয়া ঘটনাতেই পৰিণত হ’ল । জুন জুলাই মাহত হোৱা বৰষুণ মহানগৰী পানীৰ তলত থাকিব আৰু প্ৰতিবছৰে কেইগৰাকী মান নিৰীহ ব্যক্তিৰ মৃত্যু হব । ৰাইজৰ দুখ কুলাই পাচিয়ে নধৰা হ’লে চৰকাৰী প্ৰশাসন দুদিন মানলৈ কিছু সচেতন । দূৰ্ভোগ ভোগা ৰাইজলৈ কিছু সাহায্য সামগ্ৰী বিতৰণ ।তাৰ কিছুদিন পিছত ৰ’দ ওলালে পানী শুকাব আৰু সকলো পুনৰ নিচাৰ মাৰিব ।এইদৰেই বছৰৰ পিছত বছৰ পাৰ হৈছে কিন্তু কোনো সমাধান সূত্ৰ আজিকোপতি ওলোৱা নাই ।এয়া যেন পুৰণি বেমাৰ ।ৰোগীয়ে তেনেদৰে ভুগি আছে ,নিৰাময়ৰ বাবে কোনো চিন্তা কৰা নাই ।

 

লাহে লাহে দেখা গৈছে যে এই বৰষুণ ৰ ফলত হোৱা বানপানীৰ সমস্যাটো কেৱল মহানগৰীৰে সমস্যা হৈ থকা নাই।অসমৰ প্ৰায়বোৰ চহৰ নলবাৰী,মঙ্গলদৈ , ধুবুৰী , তিনিচুকীয়া ,ডিব্ৰুগড়,শিলচৰ ,টিহু ,পাঠশালা,বৰপেটা আদি নগৰৰ লোকসকলেও একেদৰেই জীয়াতূ ভুগিব লগীয়া হৈছে ।সকলোৰে একেই যন্ত্ৰণা,একেই অসুবিধা । গতিকে এয়া আমাৰ ৰাজ্যখনৰ উমৈহতীয়া সমস্যা হ’ল ।সকলো ৰাইজৰ যথেষ্ট সজাগ আৰু সচেতন হবৰ হ’ল । ইয়াৰ লগে লগে আমাৰ জনপ্ৰতিনিধি সকল । তেওঁ লোকৰ যথেষ্ট খিনি দ্বায়িত্ত্ব আছে ।নিজৰ সমষ্টি ৰ উন্নয়নৰ হকে শকত পূঁজি থাকে ।সৰ্বসাধাৰণ ৰাইজৰ সুখ ,দুখ, নিৰাপত্তাৰ কথা চিন্তা কৰি এই বিষয়টো অধিক গুৰুত্ব সহকাৰে লৈ ৰাইজৰ লগত আলোচনা আৰু সহযোগিতাৰ মাধ্যমেৰে এই সমস্যাটোৰ সমাধান ৰ কল্পে এক স্থায়ী সমাধান ৰ ব্যৱস্থা গ্ৰহণ কৰক ।এই দিশত বিশেষভাৱে পাৰদৰ্শী ব্যক্তিৰ লগত সুচিন্তিত পৰামৰ্শ আৰু কাৰ্য্যব্যৱস্থাৰে আগবাঢ়ক ।সকলোৱে উপলব্ধি কৰকচোন গণতন্ত্ৰত ৰাইজেই ৰজা গতিকে ৰাইজৰ নূন্যতম সুখ দুখ, নিৰাপত্তা ৰ কথা চিন্তা কৰা আৰু পদক্ষেপ গ্ৰহণ কৰাটো প্ৰতিগৰাকী জনপ্ৰতিনিধিৰ সৰ্বপ্ৰথম দ্বায়িত্ব।

 মানসী মিশ্ৰ