সকলো কণ কণ শিশুলৈ – ৰূপালী মহন্ত

pc istock

সকলো কণ কণ শিশুলৈ

ৰূপালী মহন্ত

বাগিচাৰ ফুল যেন আমি মুকুতা মনি,
আমাৰ হাঁহিত বসুন্ধৰা হয় সবাতো শুৱনি।
দেশৰ ভৱিষ্যত আমাৰ হাতত
পৃথিৱীখন সুন্দৰকৈ সজোৱাৰ হেঁপাহত।
কঁহুৱা ফুলৰ দৰে আমাৰ দেহা,
সপোনবোৰ বাস্তৱ নহ’লে লাগিব বেথা।
মা-দেউতাৰ আমিবোৰ নয়নৰ মনি,
মৰমবোৰ বাঢ়ি যায় নকৰো যদি আমনি।
নেহৰু খুৰা নেহৰু খুৰা
আমাক কিমান ভাল পোৱা,
আমাৰ বাবে তুমি সৰগৰ তৰা হৈ থাকা।
মা-দেউতাৰ সপোন পূৰণ কৰিম,
একাগ্ৰতাৰে পঢ়া-শুনাত মনোযোগ দিম।
নেহৰু খুৰাৰ কথা ভাৱিলে
ইমান ভাল লাগে ,
কোটৰ জেপত ৰঙা গোলাপ পাহে
হৃদয় উপচাই দিয়ে।
আমাৰ বাবে এটা দিন উপহাৰ দিলা,
ওপজা দিনৰ মাহাত্ম্য উজ্জ্বলাই ৰাখিলা।

ৰাখিম দেশৰ মান দিলো প্ৰতিশ্ৰুতি,
মানৱতাৰ মহিমাৰে জিলিকিব আলোকময় জ্যোতি।
তোমাৰ আদৰ্শৰে যাওঁ আগবাঢ়ি,
নেহেৰু খুৰা তোমালৈ আজি শত শত প্ৰণতি।

(আজি শিশু দিৱসত সকলো শিশুলৈ শুভকামনা জনালো।)