সকলোৰে শুনিবা কিন্তু কৰিবা নিজৰ…?
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আজিকালি আমাৰ সামাজবোৰত চৌদিশে কেৱল বহু বিদগ্ধ আৰু বিদ্বান পণ্ডিত সকলে ভৰি পৰা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও আজিকালি চচিয়েল মিডিয়া বা ইন্টাৰনেটৰ মাধ্যমেৰে কিছুমান মানুহক বাদ দি বাকী প্ৰায়খিনি মানুহে নিজৰ টকা ঘটাৰ উদ্দেশ্য আগত ৰাখি আৰু নিজকে দায়িত্বশীল সমাজৰ নাগৰিক হিচাপে আত্মপ্ৰকাশ কৰিবলৈ নানান ধৰণৰ উৎসাহ বৰ্ধিত, আত্ম উত্থানৰ বাবে মিঠা মিঠা কথাৰ পাকত সকলোকে আবদ্ধ কৰিব বিচৰা। ইয়াতে মই ভাল মনোভাৱ বা আমাৰ জীৱনৰ লাগতীয়াল ভাল বিষয়বোৰৰ প্ৰতি বিদ্ৰোহ কৰিব বিচৰা নাই। কিন্তু মই কেবল এইটোৱে আপোলোকক অবগত কৰিবলৈ বিচাৰিছোঁ যে, আনক বহি বহি বা ভিডিঅ’বোৰ প্ৰস্তুত কৰি কনমান সময়ত বাবে স্বকাৰাত্মাক কথাবোৰ কৈ মানুহবোৰক আন্তৰিক উৎসাহ প্ৰদান কৰাটো অতি সহজ নহয়নে ? কিন্তু আমাৰ বাস্তবিক জীৱন অন্যান্য মানুহে মুখেদি অতি সহজতে বাখ্যা কৰাৰ দৰে কেতিয়াও সহজাত ৰূপত গঢ় লৈ নুঠে। অৰ্থাৎ মই প্ৰথমতে উল্লেখ কৰিছোঁ যে ভাল ভাল কথাবোৰৰ মই কেতিয়াও বিৰোধিতা কৰিব বিচৰা নাই। বৰঞ্চ মই উল্লেখ কৰিব বিচৰা কথাখিনিৰ তাৎপৰ্য এইটোৱে যে, ভাল ভাল কথাবোৰৰ জৰিয়তে নিজকে কনমান সময়ৰ বাবে উৎসাহিত হোৱাৰ অনুভৱ কৰাতকৈ নিজে নিজ জীৱনৰ প্ৰতি পল আৰু প্ৰতি ক্ষণ কেনেকৈ স্থিৰস্থায়ী ৰূপত নিজে কৰি থকা কৰ্মৰ প্ৰতি একাগ্ৰতাৰ জৰিয়তে কৰ্মলীপ্ত হৈ নিজকে কিদৰে সজিব আৰু সজাগ কৰি তুলিব পাৰোঁ তাতে মন কেন্দ্ৰিত কৰাটোহে উচিত হ’ব যেন লাগে। কাৰণ আমাৰ জীৱনত সংগঠিত হোৱা বহুতো বিষয়-বস্তু,ঘটনা অন্যান্য মানুহে টিপ্পনী কৰি দিয়াৰ দৰে কেতিয়াও হুবহু ৰূপত সহজ হৈ পৰাটো সম্ভৱপৰ নহয়। আগৰ দিনবোৰৰ তুলনাত বৰ্তমান সময়ত প্ৰতিজন মানুহৰে জীৱনত পৰামৰ্শ বা উপদেশ প্ৰদান কৰা মানুহৰ কেতিয়াও অভাৱ নাথাকিব।কিন্তু আপোনাক পৰামৰ্শ দাতা সকলোবোৰ মানুহক নমস্কাৰ জনাওঁক আৰু সদায় নিজ কৰ্মবোৰ নিজ বিবেক, বুদ্ধি প্ৰয়োগৰ জৰিয়তে কৰিলে উন্নত মানৰ ফলাফল পোৱাটো প্ৰায় নিশ্চিত হৈ থাকে । সেয়েহে সকলোৰে শুনিবা কিন্তু কৰিবা নিজৰ । কাৰণ অন্য মানুহৰ আত্মসন্তুষ্টিৰ বাবে নিজ জীৱনৰ আত্মবলিদান দিয়াটো কেতিয়াও উচিত কাৰ্য নহয়।