সকলোৰে কৰ্ম অনুযায়ী ফল নিশ্চিত হৈ থাকে – চন্দ্ৰ শেখৰ পৰাজুলী

PC - Vantage Circle
সকলোৰে কৰ্ম অনুযায়ী ফল নিশ্চিত হৈ থাকে
পুনপ্ৰথমে মই আপোনালোকক জনাওঁ যে সৃষ্টিত এতিয়াও এনে বহু ৰহস্য বিদ্যামান আছে যি হয়তো আমি নিজ চকুৰে প্ৰত্যক্ষ কৰা সম্ভৱপৰ নহয় কিন্তু সেইবুলিয়ে তেনেকুৱা দিশবোৰৰ অস্তিত্বক আমি নাকচ কৰিব নোৱাৰি। অৰ্থাৎ তেনেকুৱা দিশবোৰক আমি কেৱল অনুভৱ কৰাটোহে সম্ভৱ। এতিয়া কথা হ’ল এনে কিছুমান দিশত আমি মানৱ সমাজ নিজে প্ৰত্যক্ষ ভাৱে দোষী সাব্যস্ত নহ’লেও পৰোক্ষভাৱে হ’লেও দণ্ডনীয় কাৰ্যৰ লগত জড়িত থাকোঁ। চাওঁক ‌‌সকলোৰে কৰ্ম অনুযায়ী ফল নিশ্চিত হৈ থাকে,এই কথাষাৰ প্ৰায় প্ৰতিজন মানুহে হয়তো এতিয়ালৈকে বাৰুকৈয়ে উপলব্ধি কৰিবলৈ সক্ষম হৈছে। আৰু যিসকলে ইয়াক উপলব্ধি কৰাত এতিয়াও অসমৰ্থ এওঁলোকে নিজ পৰিস্থিতিৰ মাজেৰে এসময়ত গৈ এই কথাটো  নিশ্চয় অনুভৱ কৰিব।আমি যেতিয়া গাড়ী চলাই থাকোঁ সেইসময়ত সেই গাড়ীখনৰ সকলো নিয়ন্ত্ৰণ আমাৰ হাতত বা আমাৰ লগতে থাকে। সচৰাচৰ মানুহৰ নিয়ন্ত্ৰণত বা গাড়ীৰ কোনো যান্ত্ৰিক বিসংগতি অবিহনে দূৰ্ঘটনা হোৱাটো প্ৰায়ে অনিশ্চিত নহয়নে ?। কিন্তু আমি যদি নিজে ইচ্ছা কৰি দূৰ্ঘটনাত লিপ্ত হ’ব বিচাৰোঁ তেন্তে ইয়াত কাৰো একো ক্ষমতা নাথাকিব আমাক বাধা প্ৰদানৰ বাবে । অৰ্থাৎ ইয়াতে আমি প্ৰত্যক্ষভাৱে বেয়া মাৰ্গ অবলম্বন কৰিছোঁ। গতিকে আমি প্ৰত্যক্ষ ৰূপতে বেয়া পৰিণতিত পৰাটো নিশ্চিত হৈ আছে। আনহাতে আমি অ-প্ৰত্যক্ষ বা পৰোক্ষভাৱে এনে কিছুমান দণ্ডনীয় কাৰ্য লগত জড়িত হৈ থকোঁ যে, তেনে দিশবোৰক বাহ্যিক চকুৰে বা বাহ্যিকভাবে কোনো মানুহৰে দৃষ্টিগোচৰ নহয় । আৰু আমি বহুতেই হয়তো এনে নাকাৰাত্ম দৃষ্টিভংগী বা নাকাৰাত্মকা চিন্তাধাৰাৰ আমাৰ জীৱনত কোনো কু-প্ৰভাৱ নপৰে বুলি মনে মনে উৎফুল্লিত হৈ থাকো নহয়নে?। কিন্তু এনে পৰোক্ষভাৱে জড়িত হোৱা কু-কাৰ্য পৰিণতিত আমাৰ জীৱনলৈ আমি অনুমান কৰিব নোৱাৰাকৈ পৰে। মুঠতে এই সংসাৰত সকলোৰে কৰ্ম অনুযায়ী ফল নিশ্চিত হৈ থাকে‌ । আন্তৰিক আৰু বাহ্যিকভাবে  ভাল কাৰ্য কৰিলে ভাল ফলাফলে লাভ কৰিবলৈ সক্ষম। আনহাতে আমি যদি আন্তৰিক আৰু বাহ্যিকভাবে যদি সদায় বেয়া কাৰ্যৰ লগতে জড়িত তেন্তে তাৰ বেয়া প্ৰভাৱ আমি এদিন হ’লেও আমাৰ জীৱন কালতে ভোগ কৰিবলগীয়া হয়। গতিকে আমি কেৱল লোকক দেখাবলৈ বা জগতৰ আগত প্ৰদৰ্শন কৰিবলৈ কেৱল বাহ্যিকভাবে নিজক ঠিক কৰি ৰাখোঁ। কিন্তু আমি নিজকে কেৱল বাহ্যিকভাবে ঠিক কৰিলেই নহ’ব। আমি আন্তৰিক ৰূপতো নিজকে প্ৰতিদিন পৰিস্কাৰ কৰি যোৱা অতিকৈ দৰকাৰ। কাৰণ আমাৰ আন্তৰিক আৰু বাহ্যিক কাৰ্যকলাপৰ লগত সংগতি ৰাখিয়েই আমাৰ জীৱনৰ ৰূপ ৰেখা তৈয়াৰ হয়। অৰ্থাৎ একমাত্ৰ কৰ্ম ফলাফলৰ জৰিয়তে প্ৰতিজন ব্যক্তিৰ জীৱন গঢ় লৈ উঠে‌।
              চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি