সংগীত নাটক অকাডেমীৰ “অমৃত যুৱ কলা উৎসৱ” ত বিনীতা দেৱীৰ পৰিচালনাত “বিষ্ণু প্ৰসাদ ৰাভা” সফল মঞ্চায়ন

সংগীত নাটক অকাডেমীৰ “অমৃত যুৱ কলা উৎসৱ” ত বিনীতা দেৱীৰ পৰিচালনাত “বিষ্ণু প্ৰসাদ ৰাভা” সফল মঞ্চায়ন

ৰঙিলী বাৰ্ত্তাসেৱা-  ত্ৰিপুৰাৰ আগৰতলাৰ ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সংগীত নাটক অকাডেমীৰ অধীনৰ ৭ জুনৰ পৰা ১০ জুনলৈ “অমৃত যুৱ কলা উৎসৱ” অনুষ্ঠিত হৈ যায়। “অমৃত যুৱ কলা উৎসৱ”ৰ সাংস্কৃতিক সন্ধিয়াত ১০ জুনত গুৱাহাটীৰ সুৰজিৎ একাডেমীয়ে এন চি ই আৰ টি, চি চি আৰ টি, এছ চি আৰ টি আৰু বিজ্ঞান প্ৰসাৰৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত পুতলা নাট “বিষ্ণু ৰাভা” পৰিৱেশিত হয়। পুতলা নাট “বিষ্ণু ৰাভা” ৰচনা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’স্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ। পুতলা নাট খনৰ পুতলা সমূহ সঞ্চালন কৰে বিনীতা দেৱী, পলক কৈৰী, নিহাৰিকা দাস, গীতিমা দাস, ধ্ৰুৱ জ্যোতি কলিতা, হাৰ্দিক শৰ্মা, কৃষ্টি ৰাজবংশী আৰু তৃষ্ণা কলিতাই। পুতলা নাট খনৰ চৰিত্ৰ সমূহৰ কণ্ঠস্বৰ আৰু সংগীত অদিষ্ণা ৰাজবংশী আৰু অপলক শৰ্মাৰ । “বিষ্ণু ৰাভা” নাট খনৰ সংগীত পৰিচালনা অভিজিৎ বৰ্মনৰ । নাটখনত বিষ্ণু প্ৰসাদ ৰাভাই স্বাধীনতা আন্দোলনত সংগীত, আবৃত্তি, নাটক আদিৰ জৰিয়তে কি দৰে জনগণক জাগ্ৰত কৰিছিল দেখুওৱা হৈছে। কোনো ধৰণৰ অস্ত্ৰৰে যুদ্ধ নকৰি সাংস্কৃতিক মাধ্যমেৰে বৈপ্লৱিক ধাৰাৰে প্ৰতিপক্ষক মষিমূৰ কৰি আগুৱাই গৈ পৰাভূত কৰিছিল শত্ৰু পক্ষক। সকলো জাতি উপজাতি, ধনী দুখীয়া সকলোকে একত্ৰিত কৰি কি দৰে জাগ্ৰত হৈছিল স্বাধীনতা আন্দোলনত সুন্দৰকৈ প্ৰতিফলিত কৰিছে নাট খনত। পুতলা নাটখন ছাঁ পুতলা আৰু লাঠী পুতলাৰ জৰিয়তে পৰিৱেশন কৰা হয়। পুতলা নাট খনত পৰিৱেশন কৰা পুতলা সমূহৰ সঞ্চালনত কোনো জড়তা দেখা পোৱা নাছিল। মানৱৰ জৰিয়তে নাট খন পৰিৱেশন কৰা যেন দৰ্শকে অনুভৱ কৰিছিল। প্ৰতিতো দৃশ্যই দশকৰ হৃদয় স্পৰ্শ কৰি গৈছিল। আগৰতলাত “অমৃত যুৱ কলা উৎসৱ”ৰ দৰ্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰে “বিষ্ণু প্ৰসাদ ৰাভা” নাট খনে । পুতলা নাটকৰ সফল মঞ্চায়নে আগৰতলাৰ সাধাৰণ নাট্যৰসিকৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ স্বনামধন্য পৰিচালক, অভিনেতা, শিল্পী, সাহিত্যিক , শিক্ষাবিদ সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰাটো পৰিচালক বিনীতা দেৱীৰ কৃতিত্ব দাবী কৰিব পাৰি ৷ইতিমধ্যে এই নাট খন ভাৰত চৰকাৰৰ অধীনৰ সাংস্কৃতিক ক্ষেত্ৰ সমূহত ভাৰতৰ বিভিন্ন ৰাজ্যত পৰিৱেশন কৰিও সমাদৰ লাভ কৰিছে । তেওঁৰ পৰিচালনাৰ পুতলা নাট সমূহ অসমৰ এক সম্পদ হিচাপে চিৰদিন জিলিকি থাকিব। বিনীতা দেৱীৰ এই নাট্য যাত্ৰা অবিৰত থাকক, আগলৈ আমি অসমৰ জনজীৱনৰ লগত সংগতি থকা তথা অসমৰ পুতলা নাট বিশ্ব দৰবাৰত জিলিকি উঠক তাৰেই কামনা কৰিছো ।