সংগীত জগতৰ যুৱ প্ৰজন্মৰ হাৰ্টথৱ জুবিন গাৰ্গৰ অতি শীঘ্ৰে আশু-আৰোগ্য কামনা বহুবাক সহ বিভিন্ন দল-সংগঠনৰ

সংগীত জগতৰ যুৱ প্ৰজন্মৰ হাৰ্টথৱ জুবিন গাৰ্গৰ অতি শীঘ্ৰে আশু-আৰোগ্য কামনা বহুবাক সহ বিভিন্ন দল-সংগঠনৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ সংগীত জগতৰ চিৰ পৰিচিত নাম, যুৱ প্ৰজন্মৰ হাৰ্টথব জুবিন গাৰ্গে নিজ ষ্টুডিওত কাম কৰি থাকোঁতেই অসুস্থ হৈ পৰাত ততাতৈয়াকৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ পৰিছে । এই খৱৰে তেওঁৰ শুভাকাংখীসকলৰ লগতে ভিন-ভিন দল-সংগঠন চিন্তিত হৈ পৰিছে । এক প্ৰেছ বিবৃতিত ৰাজ্যখনৰ সাহিত্য – কলা – সংস্কৃতিৰ সমন্বয় – সংহতিৰ অনুষ্ঠান “বহুভাষিক সাহিত্য মঞ্চ, অসম” চমুকৈ “বহুবাক” ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয় – “অসম তথা দেশৰ জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা জুবিন গাৰ্গ অনতিবিলম্বে সুষ্ঠ হৈ পৰিব বুলি আমি ঈশ্বৰৰ লগতে নেদেখা জনৰ ওচৰত মিনতি কৰিছোঁ । তেওঁ সুষ্ঠ হৈ জনগণৰ গীত গাব পাৰিব বুলি আমাৰ বিশ্বাস ।” জুবিন গাৰ্গ অতি সোনকালে সুষ্ঠ হৈ উঠাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে- সন্মিলিত জনজাতি সাংস্কৃতিক মঞ্চ, অসমৰ সভাপতি দেবেন্দ্ৰনাথ বসুমতাৰী, বসুমতাৰী, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক অৱনী ৰঞ্জন পাঠক, অখিল ভাৰতীয় সাহিত্য পৰিষদ, গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, বিশিষ্ট গীতিকাৰ শচীন দাস, বিশিষ্ট কন্ঠশিল্পী ডিজেন কাকতী, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ড০ মলিনা দেৱী ৰাভা, নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব ড০ অসমী গগৈ, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক মীনাক্ষী সিনহা, পুৰুষোত্তম দাস স্মৃতি ৰক্ষা সমিতি, অসমৰ যুটীয়া সম্পাদক কৃপাময় দাস, কবীন দাস, বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি প্ৰদীপ কুমাৰ শৰ্মা, গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি বাণীকান্ত ৰাভা, উপ-সভাপতি ড০ এম গোপাল সিংহ, সম্পাদক জিতুমণি দাস, “আসাম লুটাদ” ৰ সম্পাদক ড০ অৰিন্দম প্ৰিন্স পাংগিং, চি পি আই এম এল ৰ ৰাজ্যিক সদস্য পংকজ কুমাৰ দাস, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ অধ্যক্ষ মদন দাস, অসম শিশু সাহিত্য সমাজ, পৰাগজ্যোতি প্ৰকাশন, স্বেচ্ছাসেৱী অনুষ্ঠান “ৰং” আদি ভিন-ভিন দল-সংগঠনে । সকলোৰে আশা অতি সোনকালে মৰমৰ-আদৰৰ শিল্পীজন সুষ্ঠ হৈ উঠক ।