ষোড়শ জি-টুৱেণ্টি শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰোমত উপস্থিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Pc- The Quint

ষোড়শ জি-টুৱেণ্টি শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰোমত উপস্থিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইটালীত আয়োজিত ষোড়শ জি-টুৱেণ্টি শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰোমত উপস্থিত হৈছে। দেশখনৰ প্ৰধানমন্ত্রী মাৰিঅ’ ড্ৰাঘিৰ আমন্ত্ৰণক্ৰমে শ্ৰীমোদীয়ে কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ইটালীত হ’বলগীয়া এই শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে জি-টুৱেণ্টিৰ সদস্য ৰাষ্ট্ৰসমূহৰ চৰকাৰৰ মুৰববীসকলৰ লগতে ইউৰোপীয় সংঘ, আন নিমন্ত্ৰিত ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহেও এই শীর্ষ সন্মিলনত ভাগ ল’ব। এই ভ্ৰমণসূচীৰ প্ৰথমভাগত প্রধানমন্ত্রী মোদীয়ে আজি ইউৰোপীয় পৰিষদৰ সভাপতি চাৰ্লছ মিচেল আৰু ইউৰোপীয় আয়োগৰ সভাপতি ভন ডাব লেয়েণ্ডৰ সৈতে এখন যুটীয়া বৈঠকত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত তেওঁ পিয়াজ্জা গান্ধীলৈ গৈ মহাত্মা গান্ধীৰ আবক্ষ মূৰ্তিত পুষ্পাঞ্জলি অর্পণ কৰিব। আনহাতে আজি সন্ধিয়া তেওঁ ইটালীৰ প্ৰধানমন্ত্রী মাৰিঅ ড্রাঘিৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।