শৰৎ বৰকটকীৰ মৃত্যুত অসম প্ৰকাশন পৰিষদৰ শোক

শৰৎ বৰকটকীৰ মৃত্যুত অসম প্ৰকাশন পৰিষদৰ শোক

ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন অধ্যক্ষ শৰৎ বৰকটকীৰ মৃত্যুত অসম প্ৰকাশন পৰিষদৰ শোক প্ৰকাশ কৰে৷ বিশিষ্ট ৰাজনীতিবিদ, প্ৰাক্তন শিক্ষামন্ত্ৰী, অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন অধ্যক্ষ শৰৎ বৰকটকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰকাশন পৰিষদে৷ আজি পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ পৌৰোহিত্যত আৰু সমূহ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত এখন শোকসভাত এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে প্ৰয়াত বৰকটকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰা হয়৷ শোকসভাত প্ৰাক্তন মন্ত্ৰী তথা পৰিষদৰ অধ্যক্ষ শৰৎ বৰকটকীৰ মৃত্যু ৰাজ্যখনৰ ৰাজনৈতিক তথা সমাজ জীৱনৰ অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে৷ সভাই মৃতকৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷