শৰৎ আহিল কঁহুৱা ফুলিল – মুন শৰ্মা

PC - SANGBAD PRAHARI
শৰৎ আহিল কঁহুৱা ফুলিল
মুন শৰ্মা, লখিমপুৰ
শৰৎ আহিল  কঁহুৱা ফুলিল,
সোৱণশিৰী পাৰত  নাচোন উঠিল,
অপৰূপ, অনুপম, অপূৰ্ৱ ৰূপত,
শুকুলা ৰঙেৰে সুৰভি বিলাল।
মনবোৰ আকৌ বলিয়া হ’ল,
উলাহময় হিয়াত  হেঁপাহ নামিল।
লৰালিতে পৰিছিলোঁ তোমাৰ প্ৰেমত,
আজিও আছে তোমালৈ বৰ্তি মৰম।
তোমাক দৰ্শনৰ আজিও হেঁপাহ
ভাল পাওঁ বৰ তোমাক মৰমৰ তুমি ,
তুমি বিনা  যে আধৰুৱা শৰৎ,
সম্পূৰ্ণ নহয় সমগ্ৰ শৰৎ।
তাৰেই পৰিণামত আজি জনা তুমি!
সোৱণশিৰী পাৰত হেঁপাহেৰে মই নিসংগে,
ব্যস্ত জীৱনৰ এখন্তেক টানিলো জোৰেৰে মই,
মাথোঁ হাবিয়াস তোমাক পাবলৈ,
কাষতে ৰৈ মই ,হাঁহি মিচিকিয়াই,
 আলফুলে  খামুচি ধৰিম বেছি পৰ নাই,
শুকুলা,সু-কোমল কঁহুৱাৰ মুঠি মূঠি পাহ।