শৰতৰ শেৱালী – ৰাজলক্ষ্মী বৰঠাকুৰ

pc Printerest

শৰতৰ শেৱালী

ৰাজলক্ষ্মী বৰঠাকুৰ,
দেৱৰাজ ৰয় মহাবিদ্যালয়, গোলাঘাট

পদূলীৰ শেৱালী জোপাই
শৰত অহাৰ বাতৰি দিলে ,
জোনাক ভৰা শৰতৰ নিশা
শেৱালীৰ সুবাসে মনত জগাই পুলকতা
নিয়ৰ সনা দুৱৰীৰ বুকুত শুভ শেৱালীয়ে
পাতে ফুলৰ দলিচা, কৰণী ভৰাই তুলি
অনা শেৱালীৰ পাহিৰে
গঠন মালা ধাৰি
সযতনেৰে থাপিলো তোমাৰ পূজাৰ বেদীত।