শৰতৰ বেদনা – ৰূপালী মহন্ত

pc Xopunor prithibit Xobdor Aak Baak

—-শৰতৰ বেদনা—

ৰূপালী মহন্ত,
দেৰগাঁও, কুৰালগুৰি

আহিনৰ সেউজীয়া আবেগত
প্ৰাণোঞ্চল নহয় গাভৰু পথাৰখন
ৰূপালী ভ্ৰুণে নকৰে
সোণালী শইচৰ আশা পূৰণ
শেৱালিৰ বেজাৰত
দূৱৰিৰ দলিচাত নিয়ৰৰ টোপাল
চকুলো হৈ ঝৰঝৰকৈ সৰিছে
বুঢ়ালুইতৰ বুকুত সপোনবোৰ
শুই পৰিল
শেৱালিৰ শুভ্ৰতা ভালপাওঁ বাবেই
বগা সাজযোৰ কিয় উপহাৰ দিলা??
শুকুলা আচ্ছাদন ভালপোৱাৰ বাবেই
স্বৰগলৈ ইমান সোনকালে কিয় লৈ গ’লা ??
তৰা হৈ জিলিকাবলৈ!
শুকুলা কহুৱাৰ স্নিগ্ধতাই
এইবাৰ শৰতৰ নিদিয়ে বতৰা
নাৱৰীয়াই নাও বাই বাই
নেগায় মৌসনা শৰতৰ গীত
লুইতৰ বুকুত জাহ যোৱা
জীয়া সপোন কেইটা
কি মৰ্মান্তিক !!