শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ ভাতৃৰ সংসদৰ পৰা পদত্যাগ 

pc Tribune India

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ ভাতৃৰ সংসদৰ পৰা পদত্যাগ 

ৰঙিলী বাৰ্ত্তাসেৱা-  শ্ৰীলংকাৰ প্ৰাক্তন বিত্ত মন্ত্ৰী তথা ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ ভাতৃ বাচিল ৰাজপাক্ষেবৃহস্পতিবাৰে কয় যে তেওঁ সংসদৰ পৰা পদত্যাগ কৰিছে। অৱশ্যে, তেওঁ লগতে কয় যে তেওঁ “ৰাজনীতিৰ পৰা আঁতৰি নাযাব”। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ জ্যেষ্ঠ ভাতৃ মহিন্দা ৰাজপাক্ষে যোৱা মাহত দেশৰ অৰ্থনৈতিক সংকটৰ বিৰুদ্ধে দীৰ্ঘদিনধৰি হোৱা প্ৰতিবাদ মাৰাত্মক হৈ পৰাৰ পিছত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।