শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিক ব্যক্তিগত ভ্ৰমণত প্ৰৱেশৰ অনুমতি দিয়া হৈছে, আশ্ৰয় দিয়া হোৱা নাই: ছিংগাপুৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ছিংগাপুৰ চৰকাৰে নিশ্চিত কৰিছে যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেক “ব্যক্তিগত ভ্ৰমণ”ৰ বাবে প্ৰৱেশৰ অনুমতি দিয়া হৈছে। “তেওঁ আশ্ৰয় বিচৰা নাই আৰু তেওঁক কোনো আশ্ৰয় দিয়া হোৱা নাই। ছিংগাপুৰে সাধাৰণতে আশ্ৰয়ৰ বাবে অনুৰোধ মঞ্জুৰ নকৰে,” ছিংগাপুৰ চৰকাৰে কয়।