শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ শিক্ষা শাখা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় শিক্ষক দিৱসৰ প্ৰস্তুতি

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ শিক্ষা শাখা সমিতিৰ উদ্যোগত হাজো জিলা শাখাৰ ব্যৱস্থাপনাত আৰু হাজো সুৰেন দাস মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হব লগীয়া কেন্দ্ৰীয় শিক্ষক দিৱসৰ প্ৰস্তুতি সম্পূৰ্ণ…

বার্তাসেৱা–ভাৰতবৰ্ষৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি মহান দাৰ্শনিক, চিৰ নমস্য শিক্ষাগুৰু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম তাৰিখ 5 চেপ্তেম্বৰ “শিক্ষক দিৱস “ৰূপে পালন কৰি অহা হৈছে ।এই বেলি উত্তৰ পূব ভাৰতৰ ধৰ্ম্মীয়, সামাজিক, সাংস্কৃতিক জাতীয় অনুস্থান শ্ৰীমন্ত শংকৰদেৱ সংঘই শিক্ষা শাখা সমিতিৰ উদ্যোগত হাজো জিলা শাখাৰ ব্যৱস্থাপনাত পঞ্চ তীৰ্থ হাজোৰ সুৰেন দাস মহাবিদ্যালয়ৰ প্ৰাঙ্গণত এদিনীয়া বিভিন্ন কাৰ্য্যসূচীৰে কেন্দ্ৰীয় শিক্ষক দিৱস পালন কৰাৰ উদ্দেশ্যে সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।
অহা কালি ৰাতিপূৱা 6 বজাৰ পৰা পৰিবেশ নিকাকৰণ, প্ৰতঃপ্ৰসঙ্গৰে আৰম্ভ হব লগীয়া কাৰ্য্যসূচীত পতকা উত্তোলন কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ মাননীয় শ্ৰী যুত কমলাকান্ত গগৈ ডাঙৰীয়াই। দিনৰ 10:30 বজাত অনুষ্ঠিত হব লগীয়া মুকলি সভা উদ্বোধন কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সম্পাদক শ্ৰী যুত বাবুল বৰা দেৱ আৰু সভাপতিৰ আসন শুৱাব শ্ৰী যুতা মৌচুমী কাকতি,সভানেত্ৰী,শিক্ষা শাখা সমিতি, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ।