শ্যাম প্ৰডাকশ্বনৰ বেনাৰত ‘ৰুদ্ৰ’

শ্যাম প্ৰডাকশ্বনৰ বেনাৰত ‘ৰুদ্ৰ’

জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ সৈতে চিনেমাত অভিনয়ৰ সুযোগ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বিভিন্ন প্ৰান্তত থকা নতুন প্ৰজন্মৰ অভিনেতা- অভিনেত্ৰী তথা চিনেমাত অভিনয়ৰ আগ্ৰহী ব্যক্তিলৈ এটা সুন্দৰ সুযোগ৷মোবাইল বা মাউছৰ এটা ক্লিকতে আপুনি জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ পৰৱৰ্তী চিনেমাত অভিনয় কৰাৰ সুযোগ লাভ কৰিব পাৰিব৷অনলাইনযোগে নিজৰ অভিনয় অভিজ্ঞতাৰ তথ্য প্ৰেৰণ কৰিব লাগিব৷চিনেমাখনৰ নায়িকাকো এইদৰে বাছনি কৰাৰ সম্ভাৱনা আছে৷আজি ৰবি শৰ্মাৰ পৰৱৰ্তী চিনেমাৰ নাম ঘোষণা কৰি মহানগৰীৰ বেলতলাস্হিত হোটেল টকিঅ’ টাৱাৰত আয়োজন কৰা সংবাদমেলত এই কথা সদৰি কৰে৷উল্লেখ্য,’শ্ৰীৰঘূপতি’ৰ সফলতাৰ পাছত অসমৰ তাৰকা অভিনেতা ৰবি শৰ্মা চুক্তিৱদ্ধ হৈছে শ্যাম প্ৰডাকশ্বনৰ নিবেদন “ৰুদ্ৰ’ চিনেমাখনৰ বাবে৷বিশিষ্ট ছবি পৰিচালক ৰূপক গগৈয়ে ’ৰুদ্ৰ’ চিনেমাখনৰ কাহিনীভাগ লিখি উলিওৱাৰ লগতে ছবিখনৰ পৰিচালনা কৰিব৷শ্যাম প্ৰডাকশ্বনৰ ৰাজেশ কুমাৰ ম’ৰ,যি চলচ্চিত্ৰ জগতৰ লগত বহু বছৰ ধৰি প্ৰযোজক আৰু পৰিৱেশক হিচাপে জড়িত ’ৰুদ্ৰ’ ছবিখনত তেওঁ মুখ্য প্ৰযোজক আৰু পৰিৱেশক৷একছন থ্ৰিলাৰধৰ্মী চিনেমাখনৰ একছনবোৰ বৰ্তমানৰ হিন্দী বা দক্ষিণৰ চলচ্চিত্ৰ ফেৰ মাৰিব পৰাকৈ পৰিকল্পনা কৰা হৈছে৷ৰবি শৰ্মাৰ বিপৰীতে এতিয়াও কোনো অভিনেত্ৰী বা আন আন চৰিত্ৰৰ বাছনি কৰা হোৱা নাই৷এই চিনেমাখনৰ বাবে অসমৰ চুকে কোণে থকা বিভিন্ন প্ৰতিভাৱান ডেকা গাভৰুক বিচাৰিছে পৰিচালক আৰু প্ৰযোজকে৷অনলাইনযোগে ইচ্ছুক প্ৰতিভাৱান শিল্পীয়ে আবেদন কৰিব পাৰিব৷অহা মাহৰ পৰা আবেদন কৰা শিল্পীসকলৰ সাক্ষাৎকাৰ আৰু বাচনি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা৷ চিনেমাখন অসম,হায়দৰাবাদ আদি বিভিন্ন সুন্দৰ স্হানত মনোগ্ৰাহীকৈ চিত্ৰগ্ৰহণ কৰা হ’ব৷সংবাদমেলত অংশগ্ৰহণ কৰি ৰবি শৰ্মা,ৰূপক গগৈ আৰু প্ৰযোজকগোষ্ঠীয়ে সাংবাদিকসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে৷