শৈশৱৰ স্মৃতি ৰোমন্থন কৰি
জীৱনৰ আটাইতকৈ সোণোৱালী কাল হ’ল শৈশৱ কাল । এই শৈশৱ কালত ভিন্ন খেল চাংগুটি,লুকা-ভাকু তাৰ মাজতে হাফ্ পেডেলত ছাইকেল চলোৱা যিমান আমেজ তাক হয়তো শব্দৰে বুজাব নোৱাৰি । কেনেবাকৈ মাজে মাজে ছাইকেল চলোৱা অৱস্থাতে পেডেলটো হেৰাই যায় । চিঞৰ বাখৰ গাৱৰ মানুহবোৰে জুম পাতি থাকে প্ৰথম শিকা ছাইকেল চোলোৱা দেখাৰ বাবে । কেনেবাকৈ ছাইকেল চলাওতে মাটিত বাগৰি পৰিলে সকলোৱে মিলি চিঞৰে । দিনবোৰ সচাঁই মজাৰ আছিল । ফৰিং ধৰিবলৈ সহজ উপায় আছিল মৰাপাটৰ লগত ঝাৰুৰ কাঠীৰে এখন চাল বনাই মকৰাৰ জাল নতুবা মানুহৰ ৰন্ধনীশালৰ পৰা এলান্ধু খোজাত ব্যস্ত । হেৰাই যোৱা দিনবোৰ যদি ঘূৰাই পোৱা গল হেতেন। মায়ে এগৰা এগৰা ভাত খুৱাইছিল ।ৰজাৰ ভাগ,ৰাণীৰ ভাগ বুলি কৈ । আইতাই গীত,সাধুকথা শুনাইছিল । দেউতাই হাতত ধৰি আখৰ শিকাইছিল । য’ত না আছিল কোনো ধৰণৰ চিন্তা আছিল নিস্পাপ এটি শিশু মন ।
নাজমিনা মজিদ , ধুবুৰী