শীত নেওচি অসম গ্ৰন্থমেলা, শিলচৰত পুথিপ্ৰেমীৰ সমাৱেশ

শীত নেওচি অসম গ্ৰন্থমেলা, শিলচৰত পুথিপ্ৰেমীৰ সমাৱেশ

ৰঙিলী বাৰ্ত্তাসেৱা-  পুৱাৰ ভাগত পাতলীয়াকৈ অহা বৰষুণজাক সন্ধিয়ালৈ নেৰানেপেৰা হৈ ডিচেম্বৰ মাহৰ শীতক অভিবাদন জনোৱাৰ সময়তো গ্ৰন্থৰ সান্নিধ্যত উমাল হৈছে বৰাক উপত্যকাৰ হৃদপিণ্ড স্বৰূপ ঐতিহাসিক শিলচৰ চহৰ ৷ শীতৰ বৰষুণকো আওকান কৰি প্ৰৱেশদ্বাৰ বন্ধ হোৱাৰ সময়লৈ অসম গ্ৰন্থমেলা, শিলচৰত পুথিপ্ৰেমীৰ সমাৱেশে কাৰ্যতঃ ইয়াকে প্ৰতিপন্ন কৰিছে ৷ গ্ৰন্থমেলালৈ ইয়াৰ বৌদ্ধিক সমাজৰ ইতিবাচক সঁহাৰিয়ে উৎসাহিত কৰি তুলিছে লেখক-প্ৰকাশক তথা গ্ৰন্থ বিক্ৰেতাসকলক ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজন কৰা দহদিনীয়া অসম গ্ৰন্থমেলাই আজি সপ্তম দিন অতিক্ৰম কৰিলে ৷ নিৰ্ধাৰিত কাৰ্যক্ৰমণিকা অনুসৰি আজি অসম গ্ৰন্থমেলাত অনুষ্ঠিত হয় যুৱ-লেখকসকলৰ “উন্মীলন” শীৰ্ষক আকৰ্ষণীয় অনুষ্ঠান ৷ কবি-সাংবাদিক নৱজ্যোতি পাঠকে আঁত ধৰা এই অনুষ্ঠানটিত সঞ্চালকৰূপে অংশগ্ৰহণ কৰে অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বৰুণজ্যোতি চৌধুৰীয়ে ৷ তেওঁ কয় যে যুৱে-লেখকসকলক এনেদৰে এখন মঞ্চ দি অসম গ্ৰন্থমেলাই এক ব্যতিক্ৰমী অথচ আশাৰ বতৰা দিছে ৷ ইয়াত মিলিত হোৱা কবি, গল্পকাৰ, নিৱদ্ধকাৰসকলৰ বাবে এয়া বৰ ভাল অভিজ্ঞতা হৈ ৰ’ব ৷ তেওঁলোকে কিয় কলম হাতত তুলি লৈছে , সৃষ্টিৰ জৰিয়তে তেওঁলোকে ব্যক্তি-জীৱন আৰু সমাজ-জীৱনলৈ কি বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰে সেই বিষয়ে প্ৰত্যেকেই নিজৰ ধাৰণা দাাঙি ধৰিছে ৷ এয়া যুৱ-লেখকসকলৰ বাবে দৰাচলতে লক্ষ্য নিৰ্ধাৰণৰ মঞ্চ ৷ এয়া পূৰামাত্ৰাই ইতিবাচক ৷ “উন্মীলন”ত অংশগ্ৰহণ কৰা যুৱ-লেখকসকল হৈছে বিশ্বৰাজ ভট্টাচাৰ্য, বিশ্বজিৎ ভট্টাচাৰ্য, ভাস্কৰজ্যোতি দাস, মেঘদূত সেন, নীলাদ্ৰি ভট্টাচাৰ্য, কল্পিতা দেব,দেৱাশিস চক্ৰৱৰ্তী, কনিকা চক্ৰৱৰ্তী, বিশাকা অধিকাৰী, অৰ্পিতাৰাণী দাস, পুষ্পিতা দাস, চানী ভট্টাচাৰ্য, সীমা সিং আৰু কমলা থাপা সোনাৰে ৷ ইপিনে আজি সন্ধিয়াৰ সাংস্কৃতিক প্ৰতিযোগিতাও দৃষ্টিনন্দন হৈ পৰে ৷উল্লেখ্য যে অসম গ্ৰন্থমেলা, শিলচৰতো এহেজাৰ টকাৰ গ্ৰন্থ ক্ৰয় কৰা সকলক ১ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰৰ বাবে কুপন দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷গ্ৰন্থমেলাৰ অন্তিম দিনা অৰ্থাৎ অহা ১০ ডিচেম্বৰত সন্ধিয়া ৬ বজাত লটাৰীৰ জৰিয়তে এই পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷