শীতৰ সন্ধিয়া – ছেলিমা বেগম

Pc Adobe Stock
শীতৰ সন্ধিয়া 
ছেলিমা বেগম, নগাঁও
শৰৎ ঋতু আৰম্ভ হোৱাৰ লগে লগে
শীত নামি আহে এই বাটেৰে ,
শৰৎ ঋতু গৈ গৈ শীত ঋতুৰ
বাৰ্তা আনি দিলে, ঠাণ্ডা ঠাণ্ডা
লাগি ধৰে সকলোৱে  কম্বল
লৈ শীত ঋতুক আদৰি লয়।
শীত ঋতুৰ উমান পোৱাৰ লগে লগেই
পানী মেটেকা ফুলবোৰ ফুলি খাল বিলৰ
তল সমুহ উজ্বলাই তোলে  ।
কোঁৱলী ধৰণী খনত বগা ৰঙৰ
চাদৰ এখন মেলি দিয়ে ,
দুবৰি বনে নিয়ৰত তিতি মুকুতা পিন্ধি লয়  ।
শীতৰ সন্ধিয়া গাঁৱৰ জীয়ৰী বোৱাৰী সাজু হয়
পিঠা গুৰি লৈ মৰমৰ ভোগালী বিহুটিক
আদৰিবলৈ, মাঘৰ বিহু আহিল ঐ
শীতৰে সেমেকা সেমেকা সন্ধিয়া টি
ককা আইতাহঁৰ দেহাটি কঁপিছে
থৰক বৰকৈ বুলি দে জুইকুৰাটী ।