বশিষ্ঠত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা

pc- onmanorama

বশিষ্ঠত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হয়। AS-01 LC 3955 নম্বৰৰ ডাম্পাৰে মহটিয়াই নিয়াৰ ফলত মহিলাগৰাকী থিতাতে নিহত হয়। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন চালকৰ সৈতে জব্দ কৰি স্থানীয় ৰাইজে বশিষ্ঠ থানাৰ আৰক্ষীক গতাই দিয়ে। আনহাতে দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষী আৰু এম্বুলেন্সক খবৰ দিয়ে যদিও যথা সময়ত আহি নোপোৱাৰ অভিযোগ তুলিছে। ইফালে দুৰ্ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে প্ৰতিবাদ সাৱ্যস্ত কৰে।